নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল :বিলকিছ বানু ধৰ্ষণকাণ্ডৰ অভিযুক্তক মুক্তি দিয়াৰ বাবে গুজৰাট চৰকাৰক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ (SC slams Gujarat govt on Bilkis Bano case)। চৰকাৰে অভিযুক্তসকলক মুক্তি দিয়াৰ সময়ত মনোযোগেৰে সিদ্ধান্ত লৈছিল নেকি বুলি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে প্ৰশ্ন কৰে । ন্যায়াধীশ কে এম জোছেফ আৰু বিভি নাগাৰাথনাক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে মঙলবাৰে শুনানি গ্ৰহণ কৰি চৰকাৰক প্ৰশ্ন কৰে । ন্যায়ালয়ে এই সিদ্ধান্তৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি কয় যে, আজি এইটো বিলকিছ বানুৰ সৈতে হৈছে কাইলৈ আন লোকৰ সৈতে হ'ব ।
ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি শীৰ্ষ ন্যায়ালয়ে অপৰাধটোৰ জঘন্য প্ৰকৃতি আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা বিবেচনা কৰি ৰাজ্য চৰকাৰৰ মানসিক সিদ্ধান্তক লৈ উদ্বেগ প্ৰকাশ কৰে (SC hearing on Bilkis Bano case)। বিচাৰপীঠে গুৰুত্ব আৰোপ কৰি কয় যে, ৰেহাই ক্ষমতাৰ প্ৰয়োগ স্বেচ্ছাচাৰী বা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বিবেচনাৰ সলনি ৰাজহুৱা স্বাৰ্থ আৰু বস্তুনিষ্ঠ মানদণ্ডৰ দ্বাৰা নিৰ্দেশিত হ'ব লাগিব ।
আদালতে, দোষীৰ আগতীয়া মুক্তিক প্ৰত্যাহ্বান জনাই বিলকিছ বানুৰ আৱেদনৰ শুনানি গ্ৰহণ কৰে (Bilkis Bano case convicts)। বিচাৰপীঠে ২৭ মাৰ্চত আবেদনত জাননী জাৰি কৰিছিল আৰু এতিয়া বিষয়টো সোমবাৰে অৰ্থাৎ ২৪ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ বাবে দিন ধাৰ্য কৰে । ন্যায়ালয়ে আদালতৰ পূৰ্বৰ আদেশৰ বিৰুদ্ধে চৰকাৰে দাখিল কৰিবলগীয়া পুনৰীক্ষণ আৱেদনৰ ওপৰতো সিদ্ধান্ত ল'ব ।
কেন্দ্ৰ আৰু গুজৰাট চৰকাৰৰ হৈ উপস্থিত থকা চৰকাৰৰ পৰামৰ্শদাতা এএছজি এছ ভি ৰাজুৱে বিচাৰপীঠক কৈছিল যে, তেওঁলোকে সোমবাৰৰ ভিতৰত পুনৰীক্ষণ আবেদন দাখিল কৰিব নে নাই সেই সন্দৰ্ভত সিদ্ধান্ত ল'ব । আৰম্ভণিতে, দোষীৰ অধিবক্তাই বিষয়টোৰ সঁহাৰি দিবলৈ অধিক সময় বিচাৰিছিল আৰু বিচাৰপীঠক শুনানি স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল । অৱশ্যে, আবেদনকাৰীসকলে এই অনুৰোধৰ ওপৰত তীব্ৰ আপত্তি জনাইছিল ।