অসম

assam

Sagar Manthan Dashboard : সাগৰ মন্থন ডেশ্ববোৰ্ড উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

By

Published : Mar 24, 2023, 10:17 AM IST

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কাম-কাজ, বিভিন্ন প্ৰকল্পৰ নিৰীক্ষণৰ বাবে ডেশ্ববোৰ্ড 'সাগৰ মন্থন'ৰ শুভ উদ্বোধন কৰে বিভাগীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal launched Sagar Manthan) ।

Sarbananda Sonowal
Sarbananda Sonowal

নেচনেল ডেস্ক, ২৪ মাৰ্চ :জাহাজ পৰিবহণ আৰু বন্দৰ ব্যৱস্থাক আধুনিকীকৰণ তথা উন্নয়নৰ বাবে আন এক পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ । এতিয়াৰে পৰা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু অন্যান্য সহায়ক সংস্থাসমূহৰ সৈতে সম্পৰ্কিত সকলো তথ্য একত্ৰিতভাৱে উপলব্ধ হ'ব । এই সকলো বিষয় একত্ৰিত কৰি গঠন কৰা হৈছে এক ডিজিটেল প্লেটফৰ্ম 'সাগৰ মন্থন' নামৰ ডেশ্ববোৰ্ড (digital platform Sagar Manthan Dashboard) । এই সাগৰ মন্থন নিৰীক্ষণ ডেশ্ববোৰ্ড বৃহস্পতিবাৰে নতুন দিল্লীত আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় জাহাজ পৰিবহণ আৰু বন্দৰ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal launched Sagar Manthan) ।

উক্ত অনুষ্ঠানত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীদ্বয় শ্ৰীপদ য়েছ' নায়েক, শান্তনু ঠাকুৰ প্ৰমুখ্যে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে । বৃহস্পতিবাৰে মুকলি কৰা এই ডেশ্ববোৰ্ডে সংশ্লিষ্ট তথ্যপাতিৰ একত্ৰিকৰণ আৰু বিভিন্ন কাম-কাজ, প্ৰকল্প, পদক্ষেপ আদিৰ অগ্ৰগতি ত্বৰান্বিত কৰাত সহায় কৰিব (Union minister Sarbananda Sonowal) ।

ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱালৰ সৈতে অন্যান্যসকল

এই ডেশ্ববোৰ্ড মুকলি অনুষ্ঠানত এই প্ৰসংগত বিভাগীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "সাগৰ মন্থন ডেশ্ববোৰ্ডৰ শুভাৰম্ভণি হৈছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ডিজিটেল ইণ্ডিয়া দৃষ্টিভংগীৰ দিশত এক সবল পদক্ষেপ । বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ সম্পৰ্কীয় কাম-কাজ তথা সংশ্লিষ্ট সংস্থা আৰু প্ৰতিষ্ঠানসমূহৰ সামগ্ৰিক প্ৰদৰ্শন উন্নত কৰাত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ থাকিব । চলিত প্ৰকল্পসমূহৰ সঠিক নিৰীক্ষণে প্ৰকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ হোৱা, এই সংক্ৰান্তীয় সময়োচিত সিদ্ধান্ত লোৱা, প্ৰকল্পসমূহৰ বৰ্ধিত দক্ষতা আৰু কাৰ্যকৰিতা নিশ্চিত কৰিব । এই আধুনিক নিৰীক্ষণ ব্যৱস্থাই প্ৰকল্প ট্ৰেকিং, বিপদাশংকা ব্যৱস্থাপনা, কাম-কাজৰ অগ্ৰগতি আদি নিৰীক্ষণ কৰিব, যাৰ ফলত যিকোনো সময়সাপেক্ষ আৰু বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰাত সহায়ক হ'ব । তদুপৰি, 'সাগৰ মন্থন' ডেশ্ববোৰ্ডৰ শুভাৰম্ভণি হৈছে সামুদ্ৰিক পৰিবহণ খণ্ডত ডিজিটেলকৰণ আৰু স্বচ্ছতাৰ দিশত এক গুৰুত্বপূৰ্ণ বিকাশ (Indian govt initiative of Sagar Manthan Dashboard) ।"

উল্লেখ্য যে শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে দেশৰ নদীপথসমূহৰ ব্যৱহাৰ ত্বৰান্বিত কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিছে । তাৰ বাবে নদীপথ ব্যৱস্থাৰ উন্নয়নৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে । নদীপথৰ জৰিয়তে সুচল আৰু কম খৰচী যাতায়াত ব্যৱস্থা আৰু নদী পৰ্যটনৰ দিশটোক অগ্ৰাধিকাৰ দিয়া হৈছে । লগতে দেশৰ বিভিন্ন নদীপথবোৰক সামৰি এই যাতায়াত ব্যৱস্থা দেশত অধিক বিকশিত কৰাৰ ক্ষেত্ৰত কাম-কাজ চলি আছে ।

তাৰেই অংশ হিচাপে ইতিমধ্যে বিশ্বৰ সৰ্বাধিক দূৰত্বৰ নদী যাতায়াতৰ ৰিভাৰ ক্ৰুইজ এম ভি গংগা বিলাসৰ যাত্ৰা 13 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে (River cruise MV Ganga Vilas) । ভাৰত আৰু বাংলাদেশক সামৰি এই ৰিভাৰ ক্ৰুইজে ২৭ খন নদী প্ৰণালীৰ মাজেৰে ৩২,০০০ কিলোমিটাৰ ভ্ৰমণ কৰে । বাৰাণসীৰ পৰা আৰম্ভ কৰা এম ভি গংগা বিলাসৰ যাত্ৰাপথ ডিব্ৰুগড়লৈ বিস্তৃত ।

লগতে পঢ়ক :Conrad Sangma Corruption Issue : অমিত শ্বাহক জেৰা কৰিবলৈ চিবিআই প্ৰধানলৈ পত্ৰ জয়ৰাম ৰমেশৰ

ABOUT THE AUTHOR

...view details