অসম

assam

ETV Bharat / bharat

ইডিৰ বিৰুদ্ধে সঞ্জয় সিঙৰ অভিযোগ : চাৰ্জশ্বীট অসম্পূৰ্ণ, এজেন্সীয়ে সংবাদ মাধ্যমত ফাদিল কৰিছে ! - ৰাজ্যসভাৰ সাংসদ

Delhi Excise Policy Case: আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ বিপদ কমাৰ কোনো লক্ষণ দেখা পোৱা নাই। সোমবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে সুৰা কেলেংকাৰীৰ ধন সৰবৰাহৰ গোচৰত তেওঁৰ ন্যায়িক জিম্মা ১১ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে।

Sanjay Singh Judicial Custody Extended
সঞ্জয় সিঙৰ ন্যায়িক জিম্মা ১১ ডিচেম্বৰলৈকে বৃদ্ধি

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 6:20 PM IST

নিউজ ডেস্ক, 4 ডিচেম্বৰ : দিল্লীৰ চৰ্চিত সুৰা কেলেংকাৰীৰ অভিযোগত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ ন্যায়িক জিম্মা বৃদ্ধি কৰিছে দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৷ প্ৰকৃততে সাংসদ সিঙৰ ন্যায়িক জিম্মা সোমবাৰে শেষ হৈছিল ৷ ইয়াৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হয় ৷ ইয়াৰ পূৰ্বে 24 নৱেম্বৰত আদালতে ন্যায়িক জিম্মা সোমবাৰলৈ বৃদ্ধি কৰিছিল ৷

2 ডিচেম্বৰত পৰিপূৰক অভিযোগনামা দাখিল কৰি ইডিয়ে তেওঁক অভিযুক্ত কৰিছিল ৷ শুনানিৰ সময়ত ইডিয়ে আদালতত আবেদন দাখিল কৰি সঞ্জয় সিঙৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ছীল কৰি ৰাখিবলৈ কয়, যাতে সাক্ষীক চিনাক্ত কৰিব নোৱাৰি ৷ ইডিৰ আবেদন সন্দৰ্ভত সঞ্জয় সিঙৰ অধিবক্তাই কয় যে সাক্ষীৰ নামৰ বাহিৰে বাকী চাৰ্জশ্বীট দিব পাৰিব ৷

ইয়াৰ পিছতে আদালতে ইডিক প্ৰশ্ন কৰে যে- সাক্ষীৰ নাম কিয় লিখা হ’ল ৷ ইয়াৰ সলনি তেওঁৰ সাক্ষ্য লিখিব পাৰিলেহেঁতেন ৷ তেওঁৰ নাম কোৱাৰ কি যুক্তি আছিল? তাৰ পিছত সঞ্জয় সিঙৰ হৈ আদালতত কোৱা হ’ল যে- ইচ্ছাকৃতভাৱে এই কাম কৰা যেন লাগে, যাতে ইডিয়ে নিজৰ চাৰ্জ শ্বীট প্ৰত্যাহাৰ কৰিব পাৰে ৷

আদালতত সঞ্জয় সিঙে কয়-

শুনানিৰ সময়ত সঞ্জয় সিঙে আদালতত ন্যায়াধীশক কৈছিল, "মই আপোনাৰ জিম্মাত আছো ৷ ইডিয়ে আপোনাৰ আদালতত চাৰ্জশ্বীট দাখিল কৰিবলগীয়া হৈছিল যদিও ইডিয়ে ইতিমধ্যে সংবাদ মাধ্যমত নিৰ্বাচিত চাৰ্জ শ্বীট ফাদিল কৰিছে ৷ 60 পৃষ্ঠাৰ চাৰ্জশ্বীট আছে বুলি সমগ্ৰ কাহিনীটো সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷" এই সন্দৰ্ভত আদালতে সঞ্জয় সিং আৰু তেওঁৰ অধিবক্তাক অভিযোগৰ দাবীৰ বাতৰিৰ প্ৰতিলিপি বিচাৰিছিল ৷

আদালতে ক’লে, ‘এয়া খবৰ ৷ ইডিয়ে নিশ্চয় ব্ৰিফ কৰিছিল ৷ এই চাৰ্জশ্বীট ফাদিল হোৱা নাই ৷ এই বিষয়ে সঞ্জয় সিঙে কয়, ‘নিজৰ অধিবক্তাৰ জৰিয়তে বাতৰিৰ বিষয়বস্তুৰ প্ৰতিলিপি প্ৰেৰণ কৰিব ৷’ সঞ্জয় সিঙৰ অধিবক্তাই কয়, ‘চাৰ্জশ্বীটত কিমান পৃষ্ঠা আছে সেয়া আদালত বা ইডিয়ে জানে ৷ তথাপিও সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ ইডিয়েও আদালতৰ কাৰ্যবিধি জটিল কৰি তোলে ৷ এয়া তেওঁলোকৰ অভ্যাস ৷'

দুই কোটি টকাৰ লেনদেন :

ইডিৰ তথ্য অনুসৰি দুই কোটি টকাৰ লেনদেন দুটা কিস্তিত কৰা হৈছিল ৷ এই লেনদেন সঞ্জয় সিঙৰ ঘৰত হৈছিল ৷ এই ধন সঞ্জয় সিঙৰ কৰ্মচাৰী সৰ্বেশক সঞ্জয় সিঙৰ ঘৰত দিয়া হৈছিল ৷ দীনেশ অৰোৰাই এই কথা নিশ্চিত কৰিছিল ৷ ইডিয়ে যোৱা 4 অক্টোবৰত সঞ্জয় সিঙক তেওঁৰ চৰকাৰী বাসগৃহত সোধা-পোছা কৰি গ্ৰেপ্তাৰ কৰিছিল ৷

ৰাউজ এভিনিউ আদালতত জামিন আৱেদন দাখিল কৰিছে সঞ্জয় সিঙে ৷ জামিন আবেদনৰ সন্দৰ্ভত ইডিক জাননী জাৰি কৰিছে ৰাউজ এভিনিউ আদালতে ৷ দিল্লী চৰকাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াও এই গোচৰৰ অভিযুক্ত আৰু তেওঁ ন্যায়িক জিম্মাত আছে ৷

লগতে পঢ়ক :অনুচ্ছেদ ৩৭০ গোচৰ; ডিচেম্বৰতে ৰায় ঘোষণাৰ সম্ভাৱনা উচ্চতম ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details