অসম

assam

ETV Bharat / bharat

Parliament Logjam over Manipur issue : প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবী সঞ্জয় ৰাউতৰ - Oppositions slams Modi

ৰাজ্যসভা আৰু লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ দাবীত বিৰোধী দলসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে । মণিপুৰৰ বিষয়ক লৈ দুয়োখন সদনে উত্তাল হৈ থকাৰ মাজতে মহাৰাষ্ট্ৰৰ সাংসদ সঞ্জয় ৰাউতে পুনৰ চৰকাৰক সমালোচনা কৰে ।

Parliament Logjam over Manipur issue
প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ দাবী সঞ্জয় ৰাউটৰ

By

Published : Jul 24, 2023, 3:03 PM IST

Updated : Jul 24, 2023, 3:29 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুলাই :মণিপুৰৰ বিষয়ক লৈ সংসদৰ বৰ্ষাকালীন অধিৱেশনত অচলাৱস্থা অব্যাহত আছে । মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ দাবীত কৰা বিৰোধীৰ হুলস্থূলৰ বাবে দুয়োখন সদনে বাৰে বাৰে স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে গোটৰ নেতা সঞ্জয় ৰাউতে সোমবাৰে পুনৰ দাবী জনাই যে বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উত্তৰ পূবৰ ৰাজ্যত চলি থকা হিংসাত্মক ঘটনা সন্দৰ্ভত এক বিতং বিবৃতি দিয়াটো বিচাৰে ।

মণিপুৰৰ বিবস্ত্ৰ মহিলাৰ ভাইৰেল ভিডিঅ' সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাউতে কয় যে মণিপুৰত মহিলাসকলক হত্যা, ধৰ্ষণ আৰু উলংগ কৰি সমদল কৰাৰ পাছত বিৰোধীয়ে মাত মাতি সংসদত চৰকাৰক প্ৰশ্ন কৰিব নোৱাৰে নেকি ? ৰাউতে কয়, "আমি জানিব বিচাৰো যে চৰকাৰে কি কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ ভূমিকা কি ?"

আনহাতে সমাজবাদী পাৰ্টিৰ সাংসদ জয়া বচ্চনেও উদ্বেগ প্ৰকাশ কৰি কয় যে মণিপুৰৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰা হৈছে কিন্তু ভাৰতত নহয় । এইটো লাজৰ বিষয় বুলি তেওঁ উল্লেখ কৰে ।

সমান্তৰালকৈ নিজৰ স্থিতিত অটল আছে বিৰোধী দলসমূহ । বিৰোধী দলসমূহৰ ঐক্যমঞ্চ 'ইণ্ডিয়া'ই (INDIA) সোমবাৰে সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি লোকসভা আৰু ৰাজ্যসভাত মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ দাবী কৰে । বিৰোধী সাংসদসকলে হাতত বেনাৰ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্ল'গান দিয়াও পৰিলক্ষিত হয় ।

আনহাতে বিৰোধী দলসমূহৰ এনে আক্ৰমণাত্মক স্থিতিক লৈ শংকিত বিজেপি । যাৰ বাবে বিৰোধীৰ আক্ৰমণৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টীয়েও ৰাজস্থান আৰু পশ্চিমবংগৰ লগতে অন্যান্য ৰাজ্যত মহিলাৰ ওপৰত হোৱা অত্যাচাৰক লৈ সংসদ চৌহদত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি শাসকীয় দলৰ নেতাসকলে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে সংসদত মণিপুৰৰ বিষয়ত আলোচনা কৰিবলৈ সাজু আছে ।

লগতে পঢ়ক :Monsson session 2023 : সংসদৰ অচলাৱস্থা, বিৰোধীক সমালোচনা প্ৰহ্লাদ যোশীৰ

Last Updated : Jul 24, 2023, 3:29 PM IST

ABOUT THE AUTHOR

...view details