নিউজ ডেস্ক,১১ ফেব্ৰুৱাৰী: উত্তৰাখণ্ডৰ ভয়ংকৰ হিমবাহ বিস্ফোৰণত নিহতসকলৰ প্ৰতি শোক ব্য়ক্ত কৰে তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাই । উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ ফলত কেবাজনো লোক নিহত হোৱাত যথেষ্ঠ মৰ্মাহত হৈছে লামা । ইয়াৰোপৰি এতিয়ালৈ সন্ধানহীন হোৱা লোকসকলৰ প্ৰতিও উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ত্ৰিৱেন্দ্ৰ সিং ৰাৱটক এক পত্ৰযোগে এই কথা প্ৰকাশ কৰে ।
উল্লেখ্য যে, দেওবাৰে উত্তৰাখণ্ডৰ চামোলি জিলাৰ তপোৱন-ৰেণি অঞ্চলত সংঘটিত হিমবাহ বিস্ফোৰণৰ ফলত ধলিগংগা আৰু অলকনন্দা নদীত ব্যাপক বানৰ সৃষ্টি হৈছিল । যাৰ ফলত বহু বাসগৃহ আৰু ওচৰৰ ঋষিগংগা বিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হয় । চামোলি জিলাত সংঘটিত এই বিস্ফোৰণত ইতিমধ্য়ে মৃত্য়ু হৈছে কেইবাজনো লোকৰ । ৰাজ্য় চৰকাৰে প্ৰকাশ কৰা মতে হিমবাহ বিস্ফোৰণৰ ফলত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা এতিয়ালৈ ৩২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।