নেশ্যনেল ডেস্ক, 8 আগষ্ট : সোমবাৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰীয়ে কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 22 আগষ্টত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ নকৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিয়ে দক্ষিণ আফ্ৰিকা চৰকাৰক “আচৰিত” কৰি তুলিছে।
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী নালেদি পাণ্ডোৰে ব্ৰিকছ সন্মিলনৰ 15 সংখ্যক সংস্কৰণ আয়োজন কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ প্ৰস্তুতিৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি কয় "ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনত অংশগ্ৰহণ নকৰা বুলি কেতিয়াও কোৱা নাই । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে মোৰ অহৰহ সংস্পৰ্শত আছো ।"
তেওঁ আৰু কয়, "মই চৰকাৰ আৰু বাহিৰৰ বিভিন্ন সহকৰ্মীৰ সৈতে কথা পাতিছিলো, আৰু এই উৰাবাতৰিটোৱে সকলোকে আচৰিত কৰি তুলিছে । মই ভাবো যে আমাৰ শীৰ্ষ সন্মিলনক সফল নহ’বৰ বাবে কোনো চক্ৰই এই চেষ্টা চলাইছে ।" পাণ্ডোৰে ব্ৰিকছ শীৰ্ষ সন্মিলনত মোডীৰ উপস্থিতি নিশ্চিত কৰি ব্ৰাজিল, চীন, ভাৰত আৰু আয়োজক দক্ষিণ আফ্ৰিকাৰ নেতাসকলে একাধিক আলোচনাত অংশগ্ৰহণ কৰিব বুলি কয় ।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ বিৰুদ্ধে থকা আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ চমনৰ বাবেই ভাৰ্চুৱেলি সন্মিলনত অংশগ্ৰহণ কৰিব ৷ 19 আগষ্টৰ পৰা 23 আগষ্টলৈকে আয়োজন হ’ব এই সন্মিলন ৷ সন্মিলনত দক্ষিণ আফ্ৰিকা, আফ্ৰিকা (এখন মহাদেশ হিচাপে) আৰু ব্ৰিকছৰ অন্তৰ্গত সকলো দেশে অৰ্থনৈতিক বৃদ্ধি, সহযোগিতা, বিনিয়োগ আকৰ্ষণ কৰাৰ সুযোগ প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।
ব্ৰিকছ দেশসমূহৰ সকলো ব্যৱসায়িক পৰিষদে দক্ষিণ আফ্ৰিকাৰ বিভিন্ন অঞ্চললৈ খণ্ডকেন্দ্ৰিক ভ্ৰমণত অংশগ্ৰহণ কৰিবলৈ বৃহৎ প্ৰতিনিধি দল আনিব বুলি আশা কৰা হৈছে । পাণ্ডোৰে কয় যে ব্ৰিকছৰ নেতাসকলে সৰ্বাংগীন বিশ্ব পুনৰুদ্ধাৰ আৰু বহনক্ষম উন্নয়নৰ বাবে ব্ৰিকছৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰিব বুলি আশা কৰা হৈছে ।
মুক্ত বজাৰ আৰু উন্নয়নশীল দেশসমূহক আন্তঃগাঁথনি আৰু বহনক্ষম উন্নয়নৰ বাবে আৰ্থিক সাহায্য প্ৰদানৰ ক্ষেত্ৰত অনুঘটকীয় ভূমিকা গ্ৰহণ কৰিবলৈ 2015 চনত NDB স্থাপন কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে কয় । 2021 চনৰ শেষৰ ফালে বেংকটোৱে বাংলাদেশ, ইজিপ্ত, ইউ এ ই আৰু উৰুগুৱেক নতুন সদস্য হিচাপে আদৰণি জনাইছিল, মুক্ত বজাৰ আৰু উন্নয়নশীল দেশসমূহৰ বাবে NDB ক এক পছন্দৰ বিশ্বব্যাপী বিত্তীয় ব্যৱস্থা হিচাপে দৃঢ়ভাৱে স্থান দিছিল বুলি পাণ্ডোৰে কয় ।
লগতে পঢ়ক :No confidence motion in LS : আজি সদনত বিৰোধীয়ে দাখিল কৰিব অনাস্থা প্ৰস্তাৱ