নিউজ ডেস্ক, ২৯ ডিচেম্বৰ:ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সমালোচক সাংসদ পাভেল এণ্ট’ভ আৰু তেওঁৰ বন্ধুৰ ওড়িশাত মৃত্যু হোৱা ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে ৷ এন্ট’ভৰ মৃত্যু হত্যা নে আত্মহত্যা তাক লৈও সন্দেহৰ সৃষ্টি হৈছে ৷ ৰাজ্যখনৰ চিকিৎসা কৰ্তৃপক্ষই ৰাছিয়াৰ সাংসদগৰাকীৰ আভ্যন্তৰীণ অংশ সংৰক্ষণ কৰা নাই যদিও আৰক্ষীয়ে এতিয়াও ইয়াক আত্মহত্যা নে হত্যা সেই কথা স্পষ্ট কৰা নাই (Putin critic Antov died of internal injuries) ।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে, সাংসদগৰাকীৰ আভ্যন্তৰীণ আঘাতৰ বাবে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ সহযাত্ৰীগৰাকীয়ে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় ( Pavel Antov death updates)। ২৫ ডিচেম্বৰত তৃতীয় মহলাৰ পৰা জপিওৱাৰ পিচত ৰায়াগাডাত তেওঁ বাহৰ পাতি থকা হোটেলখনৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ হৈছিল এণ্টভক ৷ তেওঁৰ মৃত্যুৰ মাত্ৰ তিনিদিন পূৰ্বে তেওঁৰ সহযাত্ৰী ভ্লাদিমিৰ বিডেনভৰ হাৰ্ট এটেক হৈ মৃত্যু হৈছিল (Bidenov died of heart attack) ।
ৰায়গাডাৰ মুখ্য জিলা চিকিৎসা বিষয়া ডাঃ লালমোহন ৰৌট্ৰাইয়ে জনোৱা মতে, জিলা মুখ্য কাৰ্যালয় চিকিৎসালয়ত ২৪ ডিচেম্বৰত ভ্লাদিমিৰ বিডেনভৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাচত ২৬ ডিচেম্বৰত পাভেল এণ্টোভৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল । আমোদজনক কথাটো হ’ল বিডেনভৰ আভ্যন্তৰীণ অংশ সংৰক্ষিত হৈ থকাৰ বিপৰীতে এন্ট’ভৰ আভ্যন্তৰীণ অংশ সংৰক্ষণ কৰা হোৱা নাই বুলি চিডিএমঅ’ই জনায় (Russians dead in Bhubaneshwar) ।
হাওঁফাওঁ, হৃদযন্ত্ৰ আৰু পাচনযন্ত্ৰ, নিষ্কাশন আৰু প্ৰজনন তন্ত্ৰৰ অংগকে ধৰি শৰীৰৰ কোমল আভ্যন্তৰীণ অংগ সমূহ সাধাৰণতে মৃত্যুৰ কাৰণ অজ্ঞাত হ’লে বা কোনো সন্দেহ থাকিলে সংৰক্ষণ কৰা হয় ।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীক দাখিল কৰা হৈছে বুলি ৰৌট্ৰাইয়ে জানিবলৈ দিয়ে । ভুৱনেশ্বৰৰ ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব বিডেনভৰ আভ্যন্তৰীণ অংশ । ইফালে, আন দুগৰাকী সহযাত্ৰী পানছাচেংকো নাটালিয়া (৪৪) আৰু টুৰভ মিখাইল (৬৪)ক ৰাজ্য এৰি নাযাবলৈ কোৱা হৈছে ।
মঙলবাৰে নিশা আৰু বুধবাৰে পুৱা ভুৱনেশ্বৰ ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত গোটটোৰ ট্যুৰ গাইডৰ সৈতে দুয়োকে জেৰা কৰা হয় । মঙলবাৰে ওড়িশাৰ ডিজিপি সুনীল কুমাৰ বংশালে এই গোচৰৰ চিআইডি তদন্তৰ নিৰ্দেশ দিয়ে । এই গোচৰৰ তদন্তৰ বাবে ডি এছ পি তপন কুমাৰ দশৰ নেতৃত্বত পাঁচজন বিষয়াৰ এটা ক্ৰাইম ব্ৰাঞ্চ টিম গঠন কৰা হয় (two Russian tourists died under mysterious)।
দলটোৱে ৰায়গাড়া জিলা আৰক্ষীৰ সৈতে যোগাযোগ কৰি সকলো প্ৰাসংগিক চিকিৎসা আৰু আৰক্ষীৰ কাগজ-পত্ৰ আৰু ফটো সংগ্ৰহ কৰে । ৰাছিয়ান নাগৰিক দুগৰাকীক জেৰা কৰাৰ উপৰিও তদন্তকাৰী দলটোৱে পৰ্যটক গোটটোৰ লগত থকা আৰু ওড়িশা ভ্ৰমণৰ সময়ত তেওঁলোকক পথ প্ৰদৰ্শন কৰা দোভাষী জিতেন্দ্ৰ সিঙকো জেৰা কৰে ।