নেশ্যনেল ডেস্ক,২৪ মাৰ্চ :উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ’ল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱত (Mohan Bhagwat arrived in Varanasi)। বুধবাৰে নিশা বাৰাণসীত উপস্থিত হয় আৰএছএছ প্ৰধানগৰাকী । বাৰাণসীত উপস্থিত হোৱাৰ পূৰ্বে নেতাগৰাকীয়ে গাজীপুৰৰ বাবা হাতিয়াৰাম মঠত সেৱা জনায় (RSS chief visit Baba Hathiaram Mutt)।
বাৰাণসীত উপস্থিত হোৱাৰ পাছত পুৱা যোগ প্ৰদৰ্শনৰ অন্তত সংঘৰ কাৰ্য্যালয়ৰ বিষয়া আৰু স্বয়ংসেৱকসকলৰ সৈতে এক বৈঠকত মিলিত হয় নেতাগৰাকী । ইফালে জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া গংগা আৰতিৰ বাবে দশশ্বমেধ ঘাটলৈ যাব । সূত্ৰৰ মতে, মোহন ভাগৱত ২৭ মাৰ্চলৈকে কাশীত থাকিব (Mohan Bhagwat will stay in Kashi till March 27)।