নিউজ ডেস্ক, ৪ জুলাই : অসমৰ বান পৰিস্থিতি এতিয়াও সম্পূৰ্ণৰূপে উন্নত হোৱা নাই (Assam flood condition not improved) । পানীৰ তলতে এতিয়াও আছে বহু অঞ্চল । আনহাতে, লক্ষাধিক লোকে এতিয়াও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থাকিবলগা হৈছে (Lakhs of people sheltering in flood relief camps) । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বান সাহায়্য প্ৰদানত কোনো ধৰণৰ গাফিলতি নকৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীয়ে কঠোৰ সকীয়নি প্ৰদান কৰিছে (Chief Minister of Assam strict order to District Administration)। কিন্তু তাৰ মাজতো বহু ঠাইত পৰ্যাপ্ত বান সাহায্য লাভ নকৰাৰ অভিযোগ উঠিছে ।
আনহাতে, ৰাজ্যৰ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ সাহায্য পুঁজিলৈ সাহায্য আগবঢ়াইছে বিভিন্নজনে । ৰিলায়েন্সৰ মালিক মুকেশ আম্বানিৰ (Reliance Supremo Mukesh Ambani) পৰা আমিৰ খান, চনু সুদ তথা বলিউডৰ বিভিন্নজনে আগবঢ়াইছে সাহায্য (Aamir Khan, Sonu Sood donated to Assam flood relief) । একেদৰে ৰাজ্যখনৰো বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে আগবঢ়াইছে সাহায্য । এইবাৰ ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ শাসনত থকা (Tripura Tribal Areas Autonomous District Council) টিপ্ৰা মোথায়ে অসমৰ শিলচৰৰ বানপীড়িতসকলৰ বাবে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে (TIPRA motha donated to flood-affected peoples in Silchar) ।