অসম

assam

ETV Bharat / bharat

Money Laundering Case : প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে আদালতে ১৬ অক্টোবৰত দিব ৰায়দান

বুধবাৰে ৰাউজ এভিনিউ আদালতত ধন সৰবৰাহৰ গোচৰৰ অভিযোগৰ ফ্ৰেমৱৰ্ক সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হয় । এই শুনানিৰ অন্তত আদালতে কিছু সিদ্ধান্ত সংৰক্ষণ কৰে । ১৬ অক্টোবৰত এই গোচৰ সন্দৰ্ভত ৰায়দান কৰিব আদালতে ।

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:54 AM IST

charges against former Minister Satyendra Jain
ৰাউজ এভিনিউ আদালতত শুনানি গ্ৰহণ

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ :ধন সৰবৰাহৰ গোচৰৰ অভিযোগত দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে বুধবাৰে ৰাউজ এভিনিউ আদালতত শুনানি গ্ৰহণ কৰা হয় ৷ শুনানিৰ অন্তত আদালতে সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখে ।

এতিয়া চিবিআইৰ ন্যায়াধীশ বিকাশ ধুলে ১৬ অক্টোবৰত জৈন আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে অভিযোগ ফ্ৰেমৱৰ্ক সন্দৰ্ভত ৰায়দান কৰিব । এই গোচৰৰ শুনানিৰ সময়ত জৈনৰ পৰা জব্দ কৰা নথি-পত্ৰৰ চূড়ান্ত তালিকা দিবলৈ ইডিৰ পৰাও নিৰ্দেশনা প্ৰদান কৰিবলৈ দাবী কৰে ।

অন্তৱৰ্তীকালীন জামিনত আছে জৈন :

সত্যেন্দ্ৰ জৈনৰ অধিবক্তাই কয় যে গোচৰৰ তদন্ত এতিয়াও চলি আছে ৷ সেয়েহে তদন্তৰ সৈতে জড়িত নথি-পত্ৰৰ তালিকা তেওঁক দিব লাগে । ইডিৰ অধিবক্তাই জনোৱা মতে, তদন্তৰ সৈতে জড়িত জব্দ কৰা সকলো নথি-পত্ৰ জৈনৰ অধিবক্তাক দিয়া হৈছে ।

লগতে তদন্তৰ সময়ত অভিযুক্তই ইডিক দিয়া নথি-পত্ৰ জব্দ কৰা নথি-পত্ৰৰ শ্ৰেণীত নাহে । পূৰ্বৰ শুনানিৰ সময়ত সত্যেন্দ্ৰ জৈনেও গোচৰৰ সৈতে জড়িত কিছু নথি-পত্ৰ দাবী কৰিছিল আৰু ইলেক্ট্ৰনিক প্ৰমাণ জব্দ কৰিছিল ৷ যাৰ ওপৰত ইডিয়ে জৈনৰ আবেদনৰ বিৰোধিতা কৰিছিল ।

ইয়াৰ পিচতে চিবিআইৰ বিশেষ ন্যায়াধীশ বিকাশ ধুলে ১১ অক্টোবৰত গোচৰৰ পৰৱৰ্তী শুনানিৰ নিৰ্দেশ দিছিল । জানিব পৰা মতে, আপ নেতা সত্যেন্দৰ জৈন বৰ্তমান এই ধন সৰবৰাহৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিনত আছে । শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে পুনৰবাৰ ১৮ অক্টোবৰলৈ অন্তৱৰ্তীকালীন জামিন বৃদ্ধি কৰা হয় ।

১ বছৰ আগতে গ্ৰেপ্তাৰ কৰা হৈছিল :

২০২২ চনৰ ৩০ মে'ত জৈনক ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তেতিয়াৰ পৰাই তেওঁ তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল জৈন ৷ জৈনে ধন সৰবৰাহৰ গোচৰটো আন এজন ন্যায়াধীশলৈ হস্তান্তৰ কৰাৰ বাবে কৰা আবেদন নাকচ কৰে ৰাউছ এভিনিউ আদালতৰ প্ৰধান জিলা আৰু অধিবেশন ন্যায়াধীশ অঞ্জু বাজাজ চান্দনাই ।

আবেদন নাকচ কৰাৰ সময়ত ন্যায়াধীশগৰাকীয়ে কয় যে এজন ন্যায়াধীশে কৰা কঠোৰ মন্তব্য নিজৰ বাবেই তেওঁ শুনানি ন্যায্যভাৱে চলোৱা নাই বুলি সিদ্ধান্ত লোৱাৰ ভিত্তি হ’ব নোৱাৰে । আদালতে কয় যে অভিযোগৰ ভিত্তিত ন্যায়াধীশে ন্যায়ৰ নিয়ম মানি চলি গোচৰটো উপযুক্তভাৱে নিষ্পত্তি কৰি আছে ।

কাৰাবন্দী আপ নেতা সত্যেন্দৰ জৈনে তেওঁৰ বিৰুদ্ধে থকা ধন সৰবৰাহৰ গোচৰৰ শুনানি বিশেষ ন্যায়াধীশ বিকাশ ধুলৰ আদালতৰ পৰা আন এখন আদালতলৈ হস্তান্তৰ কৰাৰ দাবী জনাইছিল ।

লগতে পঢ়ক :Marriage still pious, spiritual life net: অশীতিপৰ দম্পতীৰ বিবাহ বিচ্ছেদ অস্বীকাৰ সৰ্বোচ্চ ন্য়ায়ালয়ৰ

ABOUT THE AUTHOR

...view details