নিউজ ডেস্ক, ৪ অক্টোবৰ :ভূমিৰ বিনিময়ত চাকৰি কেলংকাৰী গোচৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু ৰাবৰী দেৱী আৰু বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক বুধবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে জামিন প্ৰদান কৰে । উল্লেখ্য যে বুধবাৰে লালুপ্ৰসাদ, ৰাবৰী দেৱী আৰু তেজস্বী যাদৱে জামিন বিচাৰি ৰাউজ এভিনিউ আদালতত উপস্থিত হয় । লালুপ্ৰসাদৰ পৰিয়ালটো চিবিআইৰ বিশেষ ন্যায়াধীশ গীতাঞ্জলি গোৱেলৰ আদালতত হাজিৰ হয় । উক্ত আদালতে আন সকলো অভিযুক্তকো জামিন প্ৰদান কৰে । এতিয়া এই গোচৰটোৰ পৰৱৰ্তী শুনানি ১৬ অক্টোবৰত অনুষ্ঠিত হ'ব ।
উল্লেখ্য যে যোৱা ২৩ ছেপ্টেম্বৰত আদালতে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক চমন জাৰি কৰিছিল আৰু তেওঁক ৪ অক্টোবৰত আদালতত হাজিৰ হ'বলৈ কোৱা হৈছিল । তেজস্বীৰ উপৰি আদালতে লালু যাদৱ আৰু ৰাবৰী দেৱীকে ধৰি আন ১৭ জন অভিযুক্তক চমন জাৰি কৰিছিল । ইয়াৰে ভিতৰত তিনিজন ৰে'ল বিষয়াও আছে । তেওঁলোক সকলোৱে আদালতত উপস্থিত হৈ জামিন ল'ব লাগিব বুলি কোৱা হৈছিল ।
২২ ছেপ্টেম্বৰত চিবিআয়ে আদালতক কৈছিল যে গোচৰটোত অভিযুক্ত তিনিজন প্ৰাক্তন ৰে'ল বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লাভ কৰিছে । ইয়াৰ পূৰ্বে ১২ ছেপ্টেম্বৰত তদন্তকাৰী সংস্থাটোৱে আদালতক জনাইছিল যে তেওঁলোকে প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী লালুপ্ৰসাদ যাদৱৰ বিৰুদ্ধে গোচৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লাভ কৰিছে । ৩ জুলাইত দাখিল কৰা দ্বিতীয় পৰিপূৰক অভিযোগনামাত চিবিআয়ে লালুপ্ৰসাদ যাদৱ, তেওঁৰ পত্নী ৰাবৰী দেৱী, পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, পশ্চিম মধ্য ৰে'লৱেৰ (ডব্লিউচিআৰ) তদানীন্তন মহাপ্ৰবন্ধক আৰু ডব্লিউচিআৰৰ দুজন চিপিঅ'কে ধৰি ১৭ জন লোকৰ নাম উল্লেখ কৰিছে ।