অসম

assam

ETV Bharat / bharat

আৰ.জে.ডি. কৰ্মকৰ্তাৰ প্ৰতিবাদঃ ফলাফল মেনেজৰ অভিযোগ - বিহাৰ বিধানসভা নিৰ্বাচন

আৰ.জে.ডি.য়ে নীতিশ চৰকাৰৰ বিৰুদ্ধে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে ৷ ইয়াকে লৈ আৰ.জে.ডি কৰ্মকৰ্তা সকলে বিহাৰৰ ৰাজধানী পাটনাত ভোট গণনা চলি থকাৰ মাজতে মাজনিশা প্ৰতিবাদ সাব্যস্ত কৰে ৷

rjd worker protest
আৰ.জে.ডি. কৰ্মকৰ্তাৰ প্ৰতিবাদঃ ফলাফল মেনেজৰ অভিযোগ

By

Published : Nov 11, 2020, 2:15 AM IST

পাটনা, 11 নৱেম্বৰ:আৰ.জে.ডি.য়ে নীতিশ চৰকাৰৰ বিৰুদ্ধে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে ৷ ইয়াকে লৈ আৰজেডি কৰ্মকৰ্তা সকলে বিহাৰৰ ৰাজধানী পাটনাত ভোট গণনা চলি থকাৰ মাজতে মাজনিশা প্ৰতিবাদ সাব্যস্ত কৰে ৷ পাটনাত একত্ৰিত হোৱা শতাধিক নেতা-কৰ্মীয়ে দাবী কৰে যে, নীতিশ কুমাৰে বিষয়া সকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ফলাফল নিজৰ পক্ষত কৰিছে ৷

আৰ.জে.ডি. কৰ্মকৰ্তাৰ প্ৰতিবাদঃ ফলাফল মেনেজৰ অভিযোগ

তদুপৰি আৰ.জে.ডিয়ে এক টুইট যোগে কয় যে, "119 খন আসন জিকাৰ পাছত ফলাফলত 109 খন দেখুওৱা হৈছে ৷ নীতিশ কুমাৰে সকলো বিষয়াক ফোন কৰি মেনেজ কৰি আছে ৷ চুড়ান্ত ফলাফল অহা আৰু অভিনন্দন জনোৱাৰ পাছত এতিয়া বিষয়া সকলে কৈ আছে যে আপুনি পৰাস্ত হৈছে ৷ "

লগতে পঢ়ক: পঞ্চম বাৰৰ বাবে আইপিএলৰ খিতাপ অৰ্জন কৰিলে মুম্বাই ইণ্ডিয়ানছে

ABOUT THE AUTHOR

...view details