অসম

assam

By

Published : Apr 20, 2022, 9:40 PM IST

ETV Bharat / bharat

অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হ'ব ৰিপুন বৰা

অসমৰ দায়িত্বত থকা তৃণমূল কংগ্ৰেছৰ দলীয় নেতা মলয় ঘটকৰ সৈতে কলকাতাত ৰুদ্ধদ্বাৰ বৈঠক ৰিপুন বৰাৰ ৷ মে'ৰ দ্বিতীয় সপ্তাহত ৰিপুন বৰাক অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিক ঘোষণাৰ কৰাৰ সম্ভাৱনা(Trinamool Congress in Assam ) ।

Ripun Bora to be next president of Trinamool Congress in Assam
অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হ'ব ৰিপুন বৰা

গুৱাহাটী, 20 এপ্ৰিল :অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হ'ব ৰিপুন বৰা(Ripun Bora to be next president of Trinamool Congress in Assam) ৷ মে'ৰ দ্বিতীয় সপ্তাহত ৰিপুন বৰাক অসমত তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিক ঘোষণাৰ হোৱাৰ সম্ভাৱনা । বুধবাৰে কলকাতাত অসমৰ দায়িত্বত থকা তৃণমূল কংগ্ৰেছৰ দলীয় নেতা মলয় ঘটকৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় বৰা ৷ এই বৈঠকৰ পাছতেই নিশ্চিত হৈছে এই কথা ৷

ৰিপুন বৰাৰ পাছত অচিৰেই দলটোত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু জাতীয় পৰিষদৰ প্ৰায় ডেৰকুৰি নেতাই তৃণমূল কংগ্ৰেছত যোগদানৰ কৰাৰ কথা জানিব পৰা হৈছে । উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই 17 এপ্ৰিলত তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীৰ উপস্থিতিত কলিকতাত তৃণমূল কংগ্ৰেছত যোগদান কৰে(Assam Congress ex-chief Ripun Bora joins Trinamool) ৷

তৃণমূল কংগ্ৰেছত যোগদানৰ পাচত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰাই মঙলবাৰে নতুন দিল্লীস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে ৷

তেওঁ সংবাদমেলত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰোধিতা কৰিব পাৰিছে বুলি উল্লেখ কৰি সেই আদৰ্শৰ বাবেই দলটোত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে তৃণমূল কংগ্ৰেছ অসমত ‘অসম তৃণমূল কংগ্ৰেছ’ হিচাপে পৰিচিত হ’ব বুলি সংবাদমেলত জানিবলৈ দিয়ে(Trinamool Congress in Assam) ৷

লগতে পঢ়ক :Assam Arunachal Border Dispute : গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details