নেশ্যনেল ডেস্ক, 22 জানুৱাৰী:ছত্তীশগড়ত মষ্ট ৱাণ্টেড মহিলা নক্সালবাদীৰ আত্মসমৰ্পণ (8 lakh rewarded woman Naxalite)৷ শনিবাৰে ছত্তীশগড়ৰ চুকমাত নক্সাল প্ৰভাৱিত অঞ্চলসমূহত চুকমা আৰক্ষীয়ে এক অভিযান চলায় ৷ এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ কিষ্টাৰাম অঞ্চলৰ অন্তৰ্গত পোটাকপল্লীত এটা নতুন নক্সালবাদী শিবিৰ মুকলি কৰা বুলি খবৰ লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে (Naxalite Surrender in Sukma)৷ স্থানীয় লোকেও এই সন্দৰ্ভত আৰক্ষীৰ লগত যোগাযোগ স্থাপন কৰিছিল (Sukma Maoist news) ৷
শনিবাৰে মেড ডিভিজন কুতুল এৰিয়া কোম্পানী নং 1 ৰ সদস্য ভেট্টি মাংগী নামৰ এগৰাকী দুধৰ্ষ নক্সালবাদীয়ে এছ টি এফ আৰু আৰক্ষী থানা কিষ্টাৰামৰ ওচৰত আত্মসমৰ্পণ কৰে ।
ভেট্টি চুকমা জিলাৰ কিষ্টাৰাম অঞ্চলৰ বাসিন্দা । ছত্তীশগড় চৰকাৰে পূৰ্বেই নক্সাল সদস্যাগৰাকীৰ মূৰৰ দাম ৮ লাখ টকা নিৰ্ধাৰণ কৰিছিল । 2017 চনৰ পৰা মহিলাগৰাকী নক্সাল সংগঠনৰ সৈতে জড়িত আছিল ৷ ইয়াৰ উপৰি ভেট্টিয়ে জিলাখনৰ বিভিন্ন অঞ্চলত অপৰাধমূলক ঘটনা সংঘটিত কৰিছিল (Sukma woman Naxalite Surrender )।