নিউজ ডেস্ক, 22 অক্টোবৰ:মধ্যপ্ৰদেশৰ ৰেৱাত শুকুৰবাৰৰ মাজনিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত প্ৰায় 14 জন লোক নিহত হয়(Bus Accident in Madhya Pradesh) । ৰেৱাৰ চোহাগী পৰ্বতত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মৰাৰ ফলত প্ৰায় 14 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে আহত হয় 40 জন যাত্ৰী(14 Killed in Madhya Pradesh bus accident) । দুৰ্ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷
ঘটনাস্থলীত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে সংশ্লিষ্ট বিভাগৰ প্ৰশাসনিক বিষয়া-কৰ্মচাৰী উপস্থিত হৈ সাহায্যৰ কাম আৰম্ভ কৰে ৷ আহতসকলক তৎকালীনভাৱে এম্বুলেন্সযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আনহাতে, দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ শৱ টিয়ন্থাৰৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।
জানিব পৰা মতে দীপাৱালীৰ আনন্দ উদযাপন(Diwali Celebration) কৰিবলৈ হায়দৰাবাদৰ ছেকেন্দ্ৰাবাদৰ পৰা লক্ষ্ণৌলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ যাত্ৰীসকল ৷ বাছখনে অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ ফলতেই এই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ তথ্য অনুসৰি, বাছখনে প্ৰায় শতাধিক যাত্ৰীক কঢ়িয়াই আনিছিল ৷ বাছখন চোহাগী পৰ্বতৰ ওচৰত উপস্থিত হোৱাৰ সময়তে চালকে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ পাছফালে খুন্দা মাৰে ৷