অসম

assam

ETV Bharat / bharat

Odisha Train accident : NDRF আৰু প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান - 238 death in Balasore accident

বালাচোৰৰ দুৰ্ঘটনাত ৰে'লৰ কেইবাটাও ডবা ধ্বংসস্তুপত পৰিণত হৈছে (Balasore train accident)। প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । মুখ্য সচিব প্ৰদীপ জেনাই সমগ্ৰ পৰিস্থিতিক লৈ সংবাদমেল সম্বোধন কৰিছে ।

Odisha Train accident
NDRF আৰু প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান

By

Published : Jun 3, 2023, 10:40 AM IST

নেশ্যনেল ডেস্ক,৩ মে': ওড়িশাৰ বালাচোৰত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা (Train accident in Odisha)। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত তিনিখনকৈ ৰে'ল একেলগে দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত মৃতকৰ সংখ্যা ইতিমধ্যে ২৩৮ গৰাকীলৈ বৃদ্ধি পাইছে । ৯০০ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে (238 death in Balasore accident)। ইফালে দুৰ্ঘটনাৰ পাছতে বালাচোৰত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে ।

জানিব পৰা মতে উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে (Rescue operation continue in Balasore)। শনিবাৰে ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই জনোৱা মতে ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে সকলো ধৰণে সাহায্য অভিযান অব্যাহত ৰাখিছে । এক সংবাদমেল সম্বোধন কৰি জেনাই কয় যে উদ্ধাৰ অভিযানত কিছু সময়ৰ প্ৰয়োজন হৈছে । কিয়নো এটা ডবাৰ ওপৰত আন এটা ডবা উঠি যোৱাৰ ফলত সেই ডবাটো সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে । এনডিআৰএফ আৰু অন্যান্য সংস্থাসমূহে উদ্ধাৰ অভিযান চলাই আছে ।

অৱশ্যে, ৰে'লৱে ক্ৰেইনৰো প্ৰয়োজন হ'ব পাৰে বুলি তেওঁ উল্লেখ কৰিছে । মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰা মতে আহতসকলৰ বেছিভাগকে বালাচোৰ, ময়ূৰভঞ্জ, কটক এছচিবি আৰু অন্যান্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Odisha CS on train accident)। যিসকল যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচত ঘৰলৈ যাবলৈ দিয়া হৈছে । প্ৰশাসনে উল্লেখ কৰা মতে দুৰ্ঘটনাটোৰ পাছতে স্থানীয় লোকসকলো উদ্ধাৰ অভিযানত জড়িত হৈ পৰে ।

উল্লেখ্য যে ওড়িশাৰ বালাচোৰত সন্ধিয়া প্ৰায় ৭ মান বজাত এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে শালিমাৰ-চেন্নাই ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ ১০-১২ টা ডবা বালাচোৰৰ ওচৰত এখন মালবাহী ৰে'লত খুন্দা মৰাৰ পাচত লাইনচ্যুত হৈ বিপৰীত পথত বাগৰি পৰে । কিছু সময়ৰ পাছত যশৱন্তপুৰৰ পৰা হাওৰালৈ যোৱা আন এখন ৰে'লে সেই লাইনচ্যুত ডবাবোৰত খুন্দা মাৰে যাৰ ফলত ইয়াৰ ৩-৪ টা ডবাও লাইনচ্যুত হয় ।

ইফালে ঘটনাস্থলীত শনিবাৰে পুৱাই উপস্থিত হৈছে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ । পৰিস্থিতিৰ বুজ লৈ তেওঁ দুৰ্ঘটনা সম্পৰ্কে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে ।

লগতে পঢ়ক :Balasore train accident : উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰে'লমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details