নেশ্যনেল ডেস্ক, 12 আগষ্ট : ধৰ্ষণ পীড়িতৰ পৰিয়ালৰ পৰিচয় প্ৰকাশ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে টুইটাৰ ইণ্ডিয়া(Twitter India)ই কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Congress leader Rahul Gandhi)ৰ টুইট আঁতৰাই দিয়াৰ লগতে তেওঁৰ টুইটাৰ একাউণ্টো লক কৰিছে ৷ এগৰাকী ধৰ্ষণ পীড়িতৰ পৰিয়ালৰ পৰিচয় প্ৰকাশ কৰাৰ অভিযোগত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়(Delhi High Court)ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি টুইটাৰ ইণ্ডিয়াই বুধবাৰে আদালতক এই কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:টুইটাৰ ইণ্ডিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ দাবী NSUI আৰু যুৱ কংগ্ৰেছৰ
ৰাহুল গান্ধীৰ টুইটে টুইটাৰৰ নীতি উলংঘা কৰিছে আৰু সেয়ে তেওঁৰ একাউন্ট লক কৰা হৈছে বুলি টুইটাৰে দিল্লী উচ্চ ন্যায়ালয়ক অৱগত কৰে ৷ টুইটাৰে আদালতত কয়, "ৰাহুল গান্ধীৰ টুইটে আমাৰ নীতিও উলংঘা কৰিছে, আমি ইতিমধ্যে সেই টুইটটো আঁতৰাই দিছো আৰু তেওঁৰ টুইটাৰ একাউণ্টো লক কৰা হৈছে," ৷ জানিব পৰা মতে, টুইটাৰৰ দাখিলৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ জ্যোতি সিঙে বিষয়টো ২৭ ছেপ্টেম্বৰৰ বাবে স্থগিত ৰাখে ৷ ৰাহুল গান্ধীৰ এই টুইটৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা লোৱাৰ বাবে পিআইএলখনে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগলৈ (এনচিপিচিআৰ) দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা বিচাৰিছে ৷
আবেদনখনে লগতে দিল্লী আৰক্ষীক কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ৰ ধাৰাৰ অধীনত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰাৰ বাবেও নিৰ্দেশনা বিচাৰিছে ৷