অসম

assam

ETV Bharat / bharat

Rehabilitation of Brus : অহা আগষ্ট মাহৰ ভিতৰত ব্ৰু শৰণাৰ্থীসকলক পুনৰ সংস্থাপনৰ সমাপ্তৰ নিৰ্দেশনা - Tripura cabinet on Brus

কেইবাদশক ধৰি শৰণাৰ্থী শিবিৰত থকা ত্ৰিপুৰাৰ ব্ৰু জনগোষ্ঠীয় লোকসকলৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া অহা আগষ্ট মাহৰ ভিতৰতেই সমাপ্ত কৰিবলৈ নিৰ্দেশনা ত্ৰিপুৰা চৰকাৰৰ (Rehabilitation of Brus in Tripura)৷ কেইবাদশক ধৰি শৰণাৰ্থী শিবিৰত থকা ত্ৰিপুৰাৰ ব্ৰু জনগোষ্ঠীৰ লোকসকলক ইতিমধ্যে স্থায়ী বাসস্থানলৈ স্থানান্তৰ কৰিছে ত্ৰিপুৰা চৰকাৰে ।

Rehabilitation of Brus in Tripura to be finished by August 2022
2022 চনৰ আগষ্ট মাহৰ ভিতৰত ব্ৰু শৰণাৰ্থীসকলক পুনৰ সংস্থাপনৰ সমাপ্তৰ নিৰ্দেশনা

By

Published : Jul 18, 2022, 7:20 AM IST

আগৰতলা, 18 জুলাই: ত্ৰিপুৰাত উচ্ছেদিত ব্ৰু সম্প্ৰদায়ৰ লোকসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াইছে ত্ৰিপুৰা চৰকাৰে ৷ চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত ব্ৰু শৰণাৰ্থীসকলক পুনৰ সংস্থাপনৰ কাম সমাপ্তৰ নিৰ্দেশনা জাৰি কৰে ত্ৰিপুৰা চৰকাৰে (Rehabilitation of Brus) ৷ কেইবাদশক ধৰি শৰণাৰ্থী শিবিৰত থকা ত্ৰিপুৰাৰ ব্ৰু জনগোষ্ঠীৰ লোকসকলক ইতিমধ্যে স্থায়ী বাসস্থানলৈ স্থানান্তৰ কৰিছে ত্ৰিপুৰা চৰকাৰে ।

লগতে এই বিবৃতি অনুসৰি চৰকাৰে ইতিমধ্যে আভ্যন্তৰীণভাৱে স্থানচ্যুত ব্ৰু সম্প্ৰদায়ৰ ১,৪৭৭ টা পৰিয়ালৰ বাবে বাসস্থান নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে ৷ জানিবপৰা মতে ত্ৰিপুৰাত 6,959 টা পৰিয়ালত 37,136 গৰাকী ব্ৰু শৰণাৰ্থীয়ে বাস কৰিছিল (Rehabilitation of Brus in Tripura) ৷ সম্প্ৰতি ৰাজ্যখনৰ 12 টা অঞ্চল তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে বাচনি কৰা হৈছে ৷ এতিয়ালৈকে অঞ্চলকেইটাত 3,145 টা পৰিয়ালক স্থানাসন্তৰ কৰা হৈছে ৷ ইতিমধ্যে ৰাজ্যখনত 1,189 টা পৰিয়ালৰ এখন তালিকা প্ৰাপ্ত হৈছে ।

ত্ৰিপুৰা চৰকাৰে 2,625 টা পৰিয়ালৰ স্থায়ীভাৱে পুনৰ সংস্থাপনৰ বাবে শীঘ্ৰে তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা দিয়ে ৷ বিগত কেইদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই সমগ্ৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিছিল । মুখ্যমন্ত্ৰী গৰাকীয়ে ব্ৰু শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ সকলোকে আহ্বান জনাইছিল ৷

১৯৯৭ চনত জাতিগত হিংসাৰ পৰিপ্ৰেক্ষিতত মিজোৰামৰ ৩৭,০০০ ৰো অধিক ব্ৰু লোকে পলায়ন কৰে ৷ ব্ৰু শৰণাৰ্থীসকলে পানীসাগৰৰ 6 টা সাহায্য শিবিৰত আৰু ত্ৰিপুৰাৰ উত্তৰ জিলাৰ কাঞ্চনপুৰ উপ-সংমণ্ডলত আশ্ৰয় লয় ৷ এইসকলৰে বহু ব্ৰু শৰণাৰ্থী মিজোৰামলৈ উভতি আহিব আৰু বাকীসসকল কেন্দ্ৰ, ত্ৰিপুৰা আৰু মিজোৰাম চৰকাৰৰ বুজাবুজি চুক্তিৰ পিছত আৰু ব্ৰু নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈ ত্ৰিপুৰাত স্থায়ীভাৱে পুনৰ সংস্থাপন কৰা সিদ্ধান্ত লোৱা হৈছিল ৷

শেহতীয়াকে কেন্দ্ৰীয় চৰকাৰেও তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁলোকৰ বাবে বিশেষ পুঁজি ঘোষণা কৰিছে চৰকাৰে ।আনক তেওঁলোকৰ শিশুসকলৰ কথা চিন্তা কৰি ব্ৰু (The Brus) সম্প্ৰদায়ৰ লোকসকলক স্থানান্তৰ কৰা অঞ্চলত চৰকাৰে অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ত্ৰিপুৰা কেবিনেটে (Tripura cabinet on Brus) ইতিমধ্যে এই ক্ষেত্ৰত অনুমোদন জনাইছে ।

ধলাই জিলাত ১০ টা আৰু উত্তৰ ত্ৰিপুৰা জিলাত ১০ টা ব্ৰু পুনৰ সংস্থাপন অঞ্চল আছে । এই অঞ্চলত ৬,৯৫৯ টা ব্ৰু শৰণাৰ্থী পৰিয়ালক স্থানান্তৰ কৰা হ'ব । ১,৩০০ টা পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ ইতিমধ্যে আৰম্ভ হৈছে । সূত্ৰ অনুসৰি, ত্ৰিপুৰা চৰকাৰে এতিয়া তেওঁলোকৰ ভৱিষ্যতৰ বাবে পথ নিৰ্মাণ, খোৱা পানীৰ সুবিধা, শৌচালয় আৰু সুলভ মূল্যৰ দোকান স্থাপনৰো পৰিকল্পনা কৰিছে । কেৱল সেয়াই নহয়, ত্ৰিপুৰা চৰকাৰে তেওঁলোকৰ বাবে বজাৰ নিৰ্মাণ কৰিব ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ ব্ৰু জনবসতি অঞ্চলত অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ

ABOUT THE AUTHOR

...view details