অসম

assam

ETV Bharat / bharat

ডাটা সংৰক্ষণজনিত কাৰণত মাষ্টাৰকাৰ্ড নিষিদ্ধ কৰিলে RBIয়ে

ভাৰতীয় ৰিজাৰ্ভ বেংকে(INDIAN RESERVE BANK) নতুন ঘৰুৱা গ্ৰাহকক ডেবিট, ক্ৰেডিট বা প্ৰিপেইড কাৰ্ড প্ৰদান কৰাৰ ক্ষেত্ৰত মাষ্টাৰকাৰ্ড এছিয়া/পেচিফিক প্ৰাইভেট লিমিটেডৰ ওপৰত বাধা আৰোপ কৰিছে । ২২ জুলাইৰ পৰা মাষ্টাৰকাৰ্ড(Mastercard) নিষিদ্ধকৰণৰ নিৰ্দেশ কাৰ্যকৰী হ'ব ।

RBI bans Mastercard for violating data storage rules
ডাটা সংৰক্ষণজনিত কাৰণত মাষ্টাৰকাৰ্ড নিষিদ্ধ কৰিলে RBIই

By

Published : Jul 15, 2021, 9:53 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুলাই: পেমেণ্ট সেৱাৰ আগশাৰীৰ প্ৰতিষ্ঠান মাষ্টাৰকাৰ্ড এছিয়া/পেচিফিক প্ৰাইভেট লিমিটেডৰ ওপৰত মোক্ষম আঘাত হানি ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন ঘৰুৱা গ্ৰাহকক কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে । বুধবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বিবৃতিযোগে প্ৰকাশ কৰে যে, পৰ্যাপ্ত সুযোগ প্ৰদান কৰা স্বত্বেও প্ৰতিষ্ঠানটোৱে পৰিশোধ প্ৰণালীৰ তথ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা পালন কৰা পৰিলক্ষিত হোৱা নাই । মাষ্টাৰকাৰ্ডে কাৰ্ড প্ৰদান কৰা বেংক আৰু আন বিত্তীয় প্ৰতিষ্ঠান এই নিৰ্দেশনাবোৰ পালন কৰিবলৈ পৰামৰ্শ দিব লাগিব ।

পৰিশোধ আৰু নিষ্পত্তি প্ৰণালী আইন, ২০০৭ ৰ ১৭ নং ধাৰাৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হাতত ন্যস্ত ক্ষমতা প্ৰয়োগ কৰি এই পৰ্যৱেক্ষক পদক্ষেপ লোৱা হৈছে । ২২ জুলাইৰ পৰা মাষ্টাৰকাৰ্ড(Mastercard) নিষিদ্ধকৰণৰ নিৰ্দেশ কাৰ্যকৰী হ'ব । এই নিৰ্দেশ বৰ্তমানৰ মাষ্টাৰকাৰ্ড গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ৷

মাষ্টাৰকাৰ্ড হৈছে পেমেণ্ট সেৱাৰ অপাৰেটৰ, পৰিশোধ আৰু নিষ্পত্তি প্ৰণালী আইনৰ অধীনত দেশত কাৰ্ড নেটৱৰ্ক চলাবলৈ কৰ্তৃত্ব লাভ কৰিছে । ২০১৮ চনৰ ৬ এপ্ৰিলত পৰিশোধ প্ৰণালীৰ তথ্য সংৰক্ষণ সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, ৬ মাহৰ ভিতৰত সকলো অপাৰেটৰকে তেওঁলোকৰ পৰিচালিত পৰিশোধ প্ৰণালীৰ সৈতে সম্পৰ্কিত সমগ্ৰ তথ্য কেৱল ভাৰতৰ এটা প্ৰণালীত সংৰক্ষণ কৰাতো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ।

এই নিৰ্দেশ পালন সন্দৰ্ভত ৰিজাৰ্ভ বেংকক প্ৰতিবেদন দিবলৈ আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চিইআৰটি-ইন পেনেলত অডিটৰৰ দ্বাৰা পৰিচালিত বোৰ্ড-অনুমোদিত চিষ্টেম অডিট প্ৰতিবেদন দাখিল কৰা প্ৰয়োজন আছিল ।

কিন্তু এই নিৰ্দেশক উপলুঙা কৰি আহিছিল মাষ্টাৰকাৰ্ডে । সেয়ে, কেন্দ্ৰীয় বেংকটোৱে এই সিদ্ধান্ত লয় । এতিয়াৰে পৰা নতুন গ্ৰাহকক কাৰ্ড প্ৰদান কৰাৰ ক্ষেত্ৰত আহুকালৰ সন্মুখীন হ'ব মাষ্টাৰকাৰ্ড এছিয়া/পেচিফিক প্ৰাইভেট লিমিটেড । আনহাতে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ পাছতে মাষ্টাৰকাৰ্ডে কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বৈঠকৰ আহ্বান ভেংকায়া নাইডুৰ

ABOUT THE AUTHOR

...view details