অসম

assam

ETV Bharat / bharat

কলকাতাত হ'ব ৰসগোল্লা হাব - GI tag of rasogolla

কলকাতাৰ নোনাপুকুৰ ট্ৰাম ডিপোৰ অব্যৱহৃত ভূমিত ৰসগোল্লা হাব নিৰ্মাণৰ সংকেত । উল্লেখ্য় যে দীঘলীয়া আইনী যুঁজৰ অন্তত পশ্চিম বংগই ৰচগোল্লাৰ জিআই টেগ লাভ কৰিছিল(GI tag of rasogolla)। তেতিয়াৰ পৰাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে(Chief Minister Mamata Banerjee)কলকাতাত এটা ৰাসগোল্লা কেন্দ্ৰ হোৱাটো বিচাৰিছিল(Kolkata to become a rasogolla hub)।

GI tag of rasogolla
কলকাতাৰ নোনাপুকুৰ ট্ৰাম ডিপোৰত ৰসগোল্লা হাব নিৰ্মাণৰ সংকেত

By

Published : Aug 17, 2022, 12:21 PM IST

নেচনেল ডেস্ক, ১৭ আগষ্ট:ৰসগোল্লা বুলি ক'লেই সকলোৰে জিভাৰ পানী পৰে । ভাৰতৰ সকলো ঠাইতেই এইবিধ মিঠাই পোৱা যায় । অৱশ্য়ে পশ্চিম বংগ আৰু ওডিশাত এইবিধ মিঠাইৰ চাহিদা আন ৰাজ্য়ৰ তুলনাত বেছি । ৰসগোল্লাৰ জিআই টেগক লৈ এই দুয়োখন ৰাজ্য়ৰ মাজত দীৰ্ঘদিন ধৰি চলিছিল আইনী যুঁজ । দীঘলীয়া আইনী যুঁজৰ অন্তত পশ্চিম বংগই ৰসগোল্লাৰ জিআই টেগ লাভ কৰিছিল(GI tag of rasogolla)। তেতিয়াৰ পৰাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে(Chief Minister Mamata Banerjee)কলকাতাত এটা ৰসগোল্লা কেন্দ্ৰ হোৱাটো বিচাৰিছিল(Kolkata rasogolla hub)। সেই বাবে তেওঁ বিখ্যাত মিঠাইৰ দোকানসনূহ চহৰখনৰ মাজভাগলৈ আনি এই মিঠাই কেন্দ্ৰটো স্থাপন কৰিবলৈ পৰিকল্পনা কৰে । অৱশেষত মুখ্যমন্ত্ৰীগৰাকীৰ এই সপোন বাস্তৱত ৰূপায়িত হোৱাৰ দিশে অগ্ৰসৰ হৈছে ।

কলকাতা চহৰত কেৱল ৰসগোল্লাৰ এটা বিশেষ মিঠা কেন্দ্ৰ স্থাপন বাবে সাজু হৈছে । নোনাপুকুৰৰ ট্ৰাম ডিপোৰ অব্যৱহৃত ভূমিত নিৰ্মাণৰ বাবে সাজু হৈছে এই সপোনৰ কেন্দ্ৰটো। চৰকাৰে ইতিমধ্যে বিভিন্ন ব্যৱসায়িক উদ্যোগৰ বাবে চৰকাৰী বাছ ডিপোৰ অব্যৱহৃত ভূমি ব্যৱহাৰ কৰি পৰিবহন বিভাগৰ উপাৰ্জন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে ।

ইপিনে,পৰিবহণ বিভাগে ইয়াত ৰসগোল্লা কেন্দ্ৰ নিৰ্মাণৰ বাবে সেউজ সংকেত দিয়াত বেছি পলম কৰা নাছিল । উল্লেখ্য় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ইচ্ছাত কনফেক্সনাৰী ব্যৱসায়িক সংগঠন মিষ্টি উদ্যোগে এই ৰসগোল্লা কেন্দ্ৰ নিৰ্মাণৰ দিশত কাম কৰিব । এই প্ৰসংগত কলকাতা উদ্যোগ কেন্দ্ৰৰ মহাপ্ৰৱন্ধক অভিজিত বেনাৰ্জীয়ে(General Manager of Kolkata Industries Centre)কয়,'ৰাজ্যিক ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমে ইতিমধ্যে এই প্ৰকল্পৰ বিতং প্ৰতিবেদন প্ৰস্তুত কৰাৰ কাম কৰি আছে(ডিপিআৰ)। সম্পূৰ্ণ হোৱাৰ পিছত ডিপিআৰ বিত্ত বিভাগলৈ প্ৰেৰণ কৰা হ'ব । বিত্ত বিভাগে ইয়াক অনুমোদন জনোৱাৰ পিছত ৰসগোল্লা হাবৰ নিৰ্মাণ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব।'

উল্লেখ্য় যে এই কেন্দ্ৰত প্ৰায় ৩৮ প্ৰকাৰৰ ৰসগোল্লা থাকিব । ইয়াত ক্ষুদ্ৰ উদ্যোগৰ দৰে মিঠাই ব্যৱসায়ীসকলেও বিচাৰিলে তেওঁলোকৰ প্ৰতিষ্ঠান সম্প্ৰসাৰণৰ বাবে ঋণ সুৰক্ষিত কৰিব পাৰে । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে আঁচনিখনৰ অধীনত ঋণৰ ওপৰত ৩৫ শতাংশ ৰাজসাহায্য প্ৰয়োগ কৰিব । তদুপৰি ব্যৱসায়ীসকলে ইয়াত ৰাজ্যৰ লগতে কেন্দ্ৰীয় মুদ্ৰা আঁচনিতো সহায় লাভ কৰিব পাৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:নৃত্যৰত আৰক্ষী জোৱানৰ এটা বিশেষ ভাইৰেল ভিডিঅ’ই সকলোকে দিছে আমোদ

ABOUT THE AUTHOR

...view details