অসম

assam

ধৰ্ষিতা কিশোৰীৰ পৰিয়ালৰ ফটো শ্বেয়াৰ ৰাহুল গান্ধীৰ : মৌন আদালত

By

Published : Oct 5, 2021, 4:58 PM IST

Updated : Oct 6, 2021, 11:54 AM IST

শেহতীয়াকৈ দিল্লীত ধৰ্ষণ কৰি হত্যা কৰা হৈছিল এগৰাকী কিশোৰীক । কিশোৰীৰ ঘৰত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালৰ ফটো শ্বেয়াৰ কৰি বিপদত কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ৰাহুল গান্ধীৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'লে নে আদালতে ?

No HC notice to Rahul Gandhi
ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ

নেশ্যনেল ডেস্ক,৫ অক্টোবৰ :শেহতীয়াকৈ দিল্লীৰ পুৰণা নাংগলত সংঘটিত হৈছিল এক ধৰ্ষণৰ ঘটনা । শ্মশানৰ ৱাটাৰ কুলাৰৰ পৰা পানী খাবলৈ যোৱা দলিত সমাজৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল খোদ শ্মশানৰ পুৰোহিতে । এই ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছিল সমগ্ৰ দিল্লীত । তাৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ গৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।

কিন্তু ভুক্তভোগীৰ পিতৃ-মাতৃৰ এখন ফটো ৰাহুল গান্ধীয়ে টুইটাৰত আপলোড কৰিছিল । তাৰ পাছতে বিভিন্ন মহলত কংগ্ৰেছ নেতাগৰাকীক সমালোচনা কৰা দেখা গৈছিল । বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ৪ আগষ্টত ৰাহুল গান্ধীৰ টুইটটো আঁতৰাবলৈ নিৰ্দেশ দিছিল । তাৰ পাছতে ৰাহুল গান্ধীৰ একাউণ্টটো বন্ধ কৰি দিছিল টুইটাৰে ।

ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা এগৰাকী কিশোৰীৰ ফটো সামাজিক মাধ্যমক শ্বেয়াৰ কৰাৰ বাবে বিভিন্ন মহলত ৰাহুল গান্ধীক সমালোচনা কৰা হৈছে যদিও দিল্লী উচ্চ ন্যায়ালয়ে ঘটনা সন্দৰ্ভত ৰাহুল গান্ধীৰ বিৰুদ্ধে জাননী জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে ।

অৱশ্যে উচ্চ ন্যায়ালয়ে টুইটাৰক জাননী জাৰি কৰি ৩০ নৱেম্বৰৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । ইফালে গোচৰটোৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ একাউণ্ট কিছু সময়ৰ বাবে বন্ধ কৰি দিছিল টুইটাৰে । টুইটাৰে উল্লেখ কৰা মতে ৰাহুল গান্ধীয়ে ইয়াৰ নীতি উলংঘন কৰিছে ।

লগতে পঢ়ক :৭৫ গৰাকী যুৱতীক বিয়া পাতি কি কৰিলে বাংলাদেশৰ মুনিৰে ?

Last Updated : Oct 6, 2021, 11:54 AM IST

ABOUT THE AUTHOR

...view details