অসম

assam

ETV Bharat / bharat

New Year post Ranveer Singh : ৰণবীৰ সিঙৰ নৱবৰ্ষৰ শুভেচ্ছাই আচৰিত কৰি তুলিছে অনুৰাগীক

বলীউডৰ অভিনেতা ৰণবীৰ সিঙৰ নৱবৰ্ষৰ বাৰ্তাক লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়া (Ranveer Singh new year wish 2023)। একাংশ অনুৰাগীৰ মতে চাৰকাছ ফিল্মখনৰ প্ৰতি দৰ্শকৰ দুৰ্বল সঁহাৰিৰ বাবেই তেওঁ এনে ধৰণৰ পোষ্ট দিছে । তেওঁ অভিনয় কৰা কৰণ জোহৰ পৰিচালিত 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী' ছবিখন এপ্ৰিলত মুক্তি পাব ।

By

Published : Jan 1, 2023, 5:35 PM IST

New Year post Ranveer Singh
ৰণবীৰ সিঙৰ নৱবৰ্ষৰ শুভেচ্ছা

চিটাৰা ডেস্ক,১ জানুৱাৰী :নৱবৰ্ষক আদৰাত ব্যস্ত সকলো (New Year celebrations)। ইতিমধ্যে ৰাজনৈতিক নেতা, অভিনেতা-অভিনেত্ৰী, ক্ৰীড়াবিদ সকলোৱে দেশবাসীক নৱবৰ্ষৰ শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে । কিন্তু ইয়াৰ মাজতে বলীউডৰ অভিনেতা ৰণবীৰ সিঙৰ নৱবৰ্ষৰ বাৰ্তাই তেওঁৰ অনুৰাগীসকলক বিভ্ৰান্তিত পেলাইছে (Ranveer Singh New Year post confused fans)।

অভিনেতাগৰাকী নৱবৰ্ষৰ শুভেচ্ছা দিবলৈ গৈ ইনষ্টাগ্ৰামত ১৯৯৪ চনৰ টম হেংকছৰ ক্লাছিক ফৰেষ্ট গাম্পৰ এটা ক্লিপ শ্বেয়াৰ কৰিছিল । ভিডিঅ'টোত হেংকছৰ নামৰ চৰিত্ৰটোৱে লেফটেনেণ্ট ডেন টেইলৰৰ চৰিত্ৰত থকা গেৰী চিনিছক নতুন বছৰৰ শুভেচ্ছা জনাইছে ।

ফৰেষ্টে তেওঁক শুভেচ্ছা জনোৱাৰ সময়ত গেৰীয়ে নিৰৱে বহি জীৱনৰ শূন্যতাৰ বিষয়ে চিন্তা কৰি আছিল । এই ধৰণৰ নৱবৰ্ষৰ শুভেচ্ছা দেখি ৰণবীৰৰ অনুৰাগীসকল বিভ্ৰান্তিত পৰিছে । কিয়নো ৰণবীৰ সিং অনবৰতে হাঁহি মুখে থকাৰ উপৰিও অনুৰাগীসকলক প্ৰতিটো সময়তে আনন্দ দিবলৈ চেষ্টা কৰে ।

বহুতে আচৰিত হৈছে আৰু অভিনেতাজনক এনে ধৰণৰ পোষ্ট দিবলৈ কিহে বাধ্য কৰিছিল তাক লৈ চিন্তিত হৈছে । বহুতে সন্দেহ কৰিছে তেওঁৰ এইটো বছৰত মুক্তি পোৱা ছবিৰ প্ৰতি ৰাইজৰ সঁহাৰিৰ বাবেই হয়টো এই ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে অভিনেতাগৰাকীয়ে (Ranveer Singh gets trolled for new year post)। ২০২২ বৰ্ষটো ৰণবীৰৰ বাবে কৰ্মক্ষেত্ৰত ইমান আশানুৰূপ নাছিল । কিয়নো তেওঁৰ দুখন ছবি বক্স অফিচত প্ৰদৰ্শিত হৈছিল । সেই দুখন হৈছে 'জয়েশভাই জৰ্দাৰ' (Jayeshbhai Jordaar) আৰু শেহতীয়াকৈ ৰোহিত চেট্টী পৰিচালিত 'চাৰকাছ' (Cirkus)।

চাৰকাছ ছবিখনৰ প্ৰতি ৰাইজৰ দুৰ্বল সঁহাৰিৰ কথা উল্লেখ কৰি এগৰাকী ব্যক্তিয়ে তেওঁ পোষ্টটোত হিন্দীত লিখিছে 'চাৰকাছ চলচ্চিত্ৰ পিটনে কা চদমা লগা হে ভাইকো' । আন এজনে আকৌ লিখিছে যে তেওঁৰ প্ৰত্যাৱৰ্তন ভাল হ'ব কিয়নো তেওঁৰ ওপৰত ৰাইডৰ বিশ্বাস আছে । লগতে অভিনেতাগৰাকীক নতুন বছৰৰ শুভেচ্ছাও জনাই অনুৰাগীগৰাকীয়ে ।

ইয়াৰ পূৰ্বে, তেওঁৰ বহু প্ৰত্যাশিত চলচ্চিত্ৰ '৮৩'ও বক্স-অফিচত ফ্লপ মাৰিছিল (Ranveer Singh 83 film)। অভিনেতাগৰাকীৰ এতিয়াও কৰণ জোহৰ পৰিচালিত 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী' ছবিখন মুক্তিৰ পথত আছে । য'ত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, জয়া বচ্চন, ৰণবীৰৰ গালি বয়ৰ সহ-অভিনেতা আলিয়া ভাট আৰু শ্বাবানা আজমী । ছয় বছৰৰ ভিতৰত কৰণ জোহৰৰ এই প্ৰথম ফিচাৰ ছবিখনে ২৮ এপ্ৰিলত মুক্তি পাব ।

উল্লেখ্য যে ৰণবীৰ সিঙৰ উপৰিও প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীয়ে অনুৰাগীসকলক বিভিন্ন ধৰণ নৱবৰ্ষৰ শুভেচ্ছা জনাইছে । সামাজিক মাধ্যমৰ জৰিয়তে শিল্পীসকলে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক :2022 Assamese Movies: 2022 বৰ্ষত মুক্তি লাভ কৰা বহুল চৰ্চিত কেইখনমান অসমীয়া ছবি

ABOUT THE AUTHOR

...view details