অসম

assam

ETV Bharat / bharat

প্ৰসংগ : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা; ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ

Schools closed in UP : অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক উপলক্ষে অহা ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগীয়ে জাৰি কৰিছে এক নিৰ্দেশনা ।

Schools closed in UP
২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 8:32 AM IST

নেশ্যনেল ডেস্ক, ১০ জানুৱাৰী :২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ সসকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধ থাকিব । কিয়নো উক্ত দিনা অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগীয়ে এক নিৰ্দেশনা জাৰি কৰি সদৰী কৰিছে এই তথ্য । মুখ্যমন্ত্ৰী যোগীয়ে এই সন্দৰ্ভত বিষয়াসকলক ইতিমধ্যে বহু নিৰ্দেশনাই প্ৰদান কৰিছে । একে সময়তে লক্ষ্ণৌ বিশ্ববিদ্যালয়ে ২২ জানুৱাৰীত সকলো পৰীক্ষা পিছুৱাই দিছে ।

সকলোৰে জ্ঞাত যে, ২২ জানুৱাৰীত অযোধ্যাত পবিত্ৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব । ইয়াৰ পৰিপ্ৰেক্ষিতত পূৰ্ণগতিত প্ৰস্তুতি চলি আছে । মুখ্যমন্ত্ৰী যোগীয়ে প্ৰতিদিনে বিষয়াসকলক বহু নিৰ্দেশনা দি আছে । এই ধাৰাবাহিকত মুখ্যমন্ত্ৰী যোগীয়ে বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ ২২ জানুৱাৰীত সকলো বিদ্যালয-মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে । যাতে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ৰাম উৎসৱত অংশগ্ৰহণ কৰিব পাৰে ।

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত

একে সময়তে লক্ষ্ণৌ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা সকলো পৰীক্ষা পিছুৱাই দিছে । অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বাবেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । বিশ্ববিদ্যালয় প্ৰশাসনে স্থগিত ৰখা সকলো পৰীক্ষাৰ সংশোধিত সূচী নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে ।

ইয়াৰ উপৰিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সংযুক্ত সকলো ৫৪৫ ডিগ্ৰী মহাবিদ্যালয়ক এই দিৱস উদযাপন কৰিবলৈ নিৰ্দেশ দিছে। বিশ্ববিদ্যালয়খনে ডিগ্ৰী মহাবিদ্যালয়খনক দিয়া নিৰ্দেশত ২২ জানুৱাৰীৰ সকলো পৰীক্ষা পিছুৱাই দিয়াৰ কথা উল্লেখ কৰিছে ।

উল্লেখ্য যে, অযোধ্যাত দ্ৰুত গতিত চলি আছে শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰস্তুতি । ইতিমধ্যে বিদ্বান সন্তসকলে নিৰ্ধাৰণ কৰিছে প্ৰাণ প্ৰতিষ্ঠাৰ তাৰিখ, সময় তথা লগন ৷ অপেক্ষা মাথোঁ ২২ জানুৱাৰীলৈহে ৷

লগতে পঢ়ক :ৰাম মন্দিৰৰ বাবে ৩ দশকৰ মৌন ব্ৰত; উদ্বোধনৰ দিনা ভংগ কৰিব সৰস্বতী দেৱীয়ে

ABOUT THE AUTHOR

...view details