অসম

assam

ETV Bharat / bharat

9 জুনত মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব কৃষক নেতা ৰাকেশ টিকেতে ! - ইউনাইটেড কিষাণ মৰ্চা

ভাৰতীয় কিষাণ ইউনিয়ন (BKU)ৰ নেতা ৰাকেশ টিকেতে ৯ জুনত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব ৷ নতুন কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে চলি থকা কৃষকসকলৰ প্ৰতিবাদ অধিক তীব্ৰ কৰাৰ ৰণনীতিৰ বিষয়ে দুয়োগৰাকীয়ে আলোচনাত মিলিত হ’ব ৷ এটা বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই কথা ৷

Rakesh Tikait to meet Mamata Banerjee on June 9 to discuss strategy for farmers' protest
9 জুনত মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব কৃষক নেতা ৰাকেশ টিকেতে: সুত্ৰ

By

Published : Jun 7, 2021, 10:38 PM IST

নিউজ ডেস্ক, 7 জুন : ভাৰতীয় কিষাণ ইউনিয়ন (BKU)ৰ নেতা ৰাকেশ টিকেতে ৯ জুনত কলকাতাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব ৷ এটা বিশেষ সূত্ৰই নিশ্চিত কৰিছে এই কথা । সূত্ৰ অনুসৰি, টিকেতে মমতা বেনাৰ্জীৰ সৈতে নতুন কেন্দ্ৰীয় কৃষি আইনৰ বিৰুদ্ধে চলি থকা কৃষকসকলৰ প্ৰতিবাদক অধিক তীব্ৰ কৰাৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিব ।

"ৰাকেশ টিকেতে ৯ জুনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব । তেওঁ মমতা বেনাৰ্জীক বিশাল নিৰ্বাচনী বিজয়ৰ বাবে অভিনন্দন জনাব । তদুপৰি তেওঁলোকে কৃষকসকলৰ প্ৰতিবাদৰ বিষয়ে আলোচনা কৰিব," সূত্ৰই এএনআই (ANI)ক জনায় । লক্ষণীয়ভাৱে টিকেতে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেও পশ্চিমবংগ ভ্ৰমণ কৰিছিল আৰু তৃণমূল কংগ্ৰেছ (TMC)ৰ হৈ প্ৰচাৰ চলাইছিল ।

উল্লেখ্য যে, শেহতীয়াভাৱে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নতুন কৃষি আইনৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈ আছে আৰু কৃষকসকলৰ প্ৰতিবাদকো তেওঁ সমৰ্থন জনাইছে । টিএমচিৰ কেইবাজনো সাংসদে দিল্লীৰ সীমা পৰিদৰ্শন কৰিছিল য'ত কৃষকসকলে যোৱা বছৰ নৱেম্বৰৰ পৰা প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষকসকলৰ মুক্তিৰ দাবীত কৃষক নেতা ৰাকেশ টিকেত, গুৰনাম সিং চাদুনি আৰু ইউনাইটেড কিষাণ মৰ্চাৰ নেতা যোগেন্দ্ৰৰ নেতৃত্বত বহু সংখ্যক কৃষকে শনিবাৰে নিশাৰ পৰা হাৰিয়ানাৰ ফাতেহাবাদ জিলাৰ তোহানা সদৰ আৰক্ষী থানাৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী, নাড্ডাৰে বৈঠক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ

ABOUT THE AUTHOR

...view details