অসম

assam

ETV Bharat / bharat

ক'ভিডত হোৱা মৃত্যুৰ প্ৰকৃত তথ্য লুকুৱাইছে কেন্দ্ৰই : মনোজ ঝা - কৃষকৰ প্ৰতিবাদ

ক'ভিড-১৯(Covid-19)ত আক্ৰান্তৰ মৃত্যু সন্দৰ্ভত কেন্দ্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ মনোজ ঝা(Manoj Jha)ই । তেওঁ কয় যে, ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সময়ত মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা কৰা নাই । কেন্দ্ৰই এই সন্দৰ্ভত ভুল তথ্য প্ৰকাশ কৰি প্ৰকৃত তথ্য লুকুৱাই ৰাখিছে বুলি তেওঁ অভিযোগ তোলে ।

Centre hiding actual Covid deaths
কেন্দ্ৰই ক'ভিডত হোৱা মৃত্যুৰ প্ৰকৃত তথ্য লুকুওৱাৰ গুৰুতৰ অভিযোগ তুলিছে মনোজ ঝাই

By

Published : Jul 19, 2021, 6:34 PM IST

Updated : Jul 20, 2021, 7:46 AM IST

নেশ্যনেল ডেস্ক, ১৯ জুলাই: ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ মনোজ ঝা(Manoj Jha)ই ক'ভিডত হোৱা মৃত্যুৰ প্ৰকৃত তথ্য লুকুওৱাৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে । সাংসদগৰাকীয়ে ইটিভি ভাৰতৰ আগত কয় যে, ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সময়ত কেন্দ্ৰই পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । লগতে দ্বিতীয় ঢৌৰ সময়ত হোৱা মৃত্যুৰ প্ৰকৃত তথ্য কেন্দ্ৰীয় চৰকাৰে লুকুৱাইছে । তেওঁ কয় যে, এতিয়া ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হোৱাৰ আশংকাও বৃদ্ধি পাইছে ।

কিন্তু চৰকাৰে প্ৰয়োজনীয় প্ৰস্তুতি চলোৱা পৰিলক্ষিত হোৱা নাই বুলি তেওঁ মন্তব্য কৰে । তৃতীয় ঢৌৰ ভয়াৱহতা সন্দৰ্ভত তেওঁ কয় যে, বিৰোধীয়ে সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত কেন্দ্ৰক এই বিষয়ত প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে । মনোজ ঝাই লগতে কয় যে, দেশত প্ৰতিষেধকৰ যথেষ্ট অভাৱ হৈছে । দেশৰ অৰ্থনীতিৰো পঁয়ালগা অৱস্থা হৈছেগৈ । পেট্ৰ'ল আৰু ডিজেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে বুলিও তেওঁ কেন্দ্ৰক সমালোচনা কৰে ।

লগতে তেওঁ কয় যে, কেইবামাহো ধৰি প্ৰতিবাদ সাব্যস্ত কৰি এতিয়া কৃষকসকলৰ অৱস্থাও বেয়া হৈ আহিছে । তথাপিও কেন্দ্ৰই কৃষকসকলৰ ক'লা আইন বাতিলৰ দাবী লোৱা নাই বুলি তেওঁ সমালোচনা কৰে । বিৰোধীয়ে চীন, তালিবান আৰু নিবনুৱা সমস্যা সন্দৰ্ভতো কেন্দ্ৰক বিধানসভাত প্ৰশ্ন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

উল্লেখ্য যে, সংসদৰ অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হৈছে আৰু এই অধিৱেশন ১৩ আগষ্টলৈকে অব্যাহত থাকিব । জানিব পৰা মতে, বিৰোধীয়ে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক আকাশলংঘী পেট্ৰ'ল আৰু ডিজেলৰ মূল্য আৰু ক'ভিড-১৯ মহামাৰীৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ ব্যৱস্থাপনা আদি বিষয়ত প্ৰশ্নবাণেৰে থকা সৰকা কৰাৰ সম্ভাৱনা আছে । আনহাতে, অত্যাৱশ্যকীয় সামগ্ৰীৰো মূল্য বৃদ্ধি পাইছে । বিগত সময়চোৱাত মূল্যবৃদ্ধিৰ বিৰোধিতাৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:জামিয়া মিলিয়াৰ কবৰস্থানত কবৰস্থ কৰা হ’ল ডানিছ ছিদ্দিকীক

Last Updated : Jul 20, 2021, 7:46 AM IST

ABOUT THE AUTHOR

...view details