নেশ্যনেল ডেস্ক, 15 জুলাই: বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনাইছে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভা(Rajya Sabha)ৰ অধ্যক্ষ ভেংকায়া নাইডুৱে(Venkaiah Naidu) । ১৭ জুলাইত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসভৱনত উক্ত বৈঠক অনুষ্ঠিত হ’ব । উচ্চ সদনৰ সকলো সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰিব । ৰাজ্যসভাৰ অধ্যক্ষগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে ।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেল(Union Commerce and Industry Minister Piyush Goyal)ক ৰাজ্যসভাত সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ১৮ জুলাইৰ পুৱা ১১ বজাত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে । এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থকাৰ সম্ভাৱনা আছে ।
লোকসভা(Lok Sabha)ৰ অধ্যক্ষ ওম বিৰলাই(Om Birla) ১৮ জুলাইত আন এক বৈঠকৰ আহ্বান জনাইছে । সংসদৰ নিম্ন সদনৰ সদস্যসকল এই সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব । এই বৈঠকত অধ্যক্ষ ওম বিৰলাই সভাপতিত্ব কৰিব । বৈঠকত বিৰোধী দলৰ নেতাসকলে কেনেধৰণৰ মতামত আগবঢ়াই সেয়া লক্ষণীয় হ'ব ।
উল্লেখ্য যে, ১৯ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব । ৩১ আগষ্টত অধিৱেশনৰ অন্ত পৰিব । আনহাতে, পেট্ৰ'ল আৰু ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু ক'ভিড-১৯ মহামাৰীৰে মোকাবিলা কৰা বিষয়কে ধৰি বিভিন্ন বিষয়ত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰক তুলা-ধূনা দিবলৈ প্ৰস্তুতি চলাইছে বিৰোধীয়ে । বিগত দিনসমূহতো বিৰোধীয়ে এই বিষয়সমূহক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি আহিছে ।
লগতে পঢ়ক: ক'ভিড-১৯ৰ সম্ভাৱ্য তৃতীয় ঢৌৰে যুঁজিবলৈ AIIMSৰ নাৰ্চক প্ৰশিক্ষণ