নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী :প্ৰত্যেক দম্পতীৰে বিবাহ সম্পৰ্কত বেলেগ বেলেগ ধাৰণা আছে (exceptional wedding) । কোনোবাই যদি ডেষ্টিনেচন ৱেডিং (destination wedding) কৰে, আনহাতে কোনোবাই আকৌ তেওঁলোকৰ বিয়াৰ বাবে এক নিৰ্দিষ্ট বিষয়বস্তু অনুসৰণ কৰে (special theme for wedding) । বিবাহৰ এনে কাৰ্যই সকলোকে এই শুভক্ষণক মনত ৰাখিবলৈ বাধ্য কৰে । কিন্তু শেহতীয়াভাৱে গুজৰাটৰ সৌৰাষ্ট্ৰ প্ৰদেশৰ ৰাজকোটত এখন বিয়া অনুষ্ঠিত হয়, যিখন চাই মানুহ আচৰিত হৈ পৰে (Rajkot Bride Farewell) ।
বৰযাত্ৰীয়ে তেওঁলোকৰ হ'বলগীয়া বোৱাৰীগৰাকীক হেলিকপ্টাৰত উঠাই বিবাহস্থলীলৈ লৈ যায় । ৰাজকোটৰ ৰাজপুত সম্প্ৰদায়ৰ মতে, 'বেল' ল'বলৈ অহা অতিথিসকলে (বৰযাত্ৰীক 'বেল' ল'বলৈ অহা বুলি কোৱা হয়) বোৱাৰীগৰাকীক হেলিকপ্টাৰত উঠাই বিবাহস্থালীলৈ লৈ যায় (Bride fly on Chopper for marriage in Rajkot) ।
'বেল' কি : গুজৰাটৰ ৰাজপুত সমাজত বিবাহ সম্পন্ন হ'লে 'বেল' পৰম্পৰা অনুসৰণ কৰা হয় । য'ত বোৱাৰীগৰাকীৰ শহুৰেকৰ ফালৰ পৰা পাঁচজন লোক আহে হ'বলগীয়া বোৱাৰীয়েকক ধুমধামেৰে লৈ যায় । ৰাজকোটত আয়োজিত এখন বিয়াত দৰাঘৰৰ পৰিয়ালৰ লোকে বোৱাৰীয়েকক নিবলৈ এখন হেলিকপ্টাৰত আহি বিয়াঘৰত উপস্থিত হয় । হেলিকপ্টাৰখন কইনা ঘৰৰ ওচৰৰ এখন খেলপথাৰত অৱতৰণ কৰোৱা হয় । অৱশ্যে ইয়াৰ বাবে বিশেষ অনুমতিও লোৱা হৈছিল । ৰাজকোটৰ শীতল উদ্যানৰ বাসিন্দা বীৰেন্দ্ৰসিং ৱাধেৰৰ জীয়াৰী হেমাংগিবা বাৰ বিবাহ ঠিক কৰা হৈছিল । তেওঁৰ শহুৰেকৰ ঘৰ খাম্বাটত । বলবীৰসিং গোহিলৰ পুত্ৰ ঋষিৰাজ সিঙৰ সৈতে তেওঁৰ বিবাহ থিৰ হৈছিল ।