অসম

assam

ETV Bharat / bharat

দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আযুক্তৰ পদত ৰাজীৱ কুমাৰ - ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত

ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত ৰাজীৱ কুমাৰ (Election Commissioner Rajiv Kumar)৷ 1984 বেটচৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াগৰাকীয়ে 15 মে’ত গ্ৰহণ কৰিব কাৰ্যভাৰ ৷

Rajiv Kumar appointed next CEC
Rajiv Kumar appointed next CEC

By

Published : May 12, 2022, 3:15 PM IST

নিউজ ডেস্ক, 12 মে’: দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত হৈছে ৰাজীৱ কুমাৰ (Rajiv Kumar appointed next CEC)৷ অহা 15 মে’ত কাৰ্যভাৰ গ্ৰহণ কৰাৰ কথা ৰাজীৱ কুমাৰে ৷ কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে জনোৱা মতে, অহা 14 মে’ত অন্ত পৰিব বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰৰ কাৰ্যকাল ৷ ৰাজীৱ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে(Chief Election Commissioner) নিযুক্তি দিয়াৰ কথা ৰাজহুৱা কৰিলে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

ৰাজীৱ কুমাৰ হৈছে 1984 চনৰ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৷ 1960 চনত জন্মগ্ৰহণ কৰা ৰাজীৱ কুমাৰে বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী, আইনৰ স্নাতক ডিগ্ৰী, পাব্লিক প’লিচিত স্নাতকোত্তৰ আৰু পি জি ডি এম ডিগ্ৰী গ্ৰহণ কৰে ৷ ভাৰত চৰকাৰৰ অধীনত 36 বছৰ চাকৰি কৰা অভিজ্ঞতাৰে পুষ্ট ৰাজীৱ কুমাৰে কেইবাটাও মন্ত্ৰণালয়ত কৰ্তব্য সম্পাদন কৰিছে ৷

ভাৰতৰ নিৰ্বাচন আয়োগৰ এগৰাকী জ্যেষ্ঠ নিৰ্বাচন আয়ুক্ত হিচাপে পৰিচিত ৰাজীৱ কুমাৰক দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ পদ প্ৰদান কৰি আনন্দ প্ৰকাশ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

লগতে পঢ়ক :Sedition law : ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details