নেশ্যনেল ডেস্ক,১৯ নৱেম্বৰ :ৰাজস্থানৰ কংগ্ৰেছ নেতৃত্বক ক্ৰিকেট দলৰ সৈতে তুলনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজস্থান কংগ্ৰেছৰ নেতৃত্ব এটা ক্ৰিকেট দলৰ দৰে যাৰ বেটছমেনসকলে ৫ বছৰ ধৰি ইজনে সিজনক ৰাণ আউট কৰিবলৈ চেষ্টা কৰিছে । নিৰ্বাচনমুখী ৰাজ্যখনৰ চুৰু জিলাৰ তাৰানগৰত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ দ্ৰুত উন্নয়ন নিশ্চিত কৰিবলৈ ২৫ নৱেম্বৰৰ ৰাজস্থান বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ ৰাইজক আহ্বান জনায় ।
ৰাজস্থানৰ নেতৃত্বত থকা কংগ্ৰেছ দলক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ নেতা আৰু উন্নয়ন শত্ৰু আৰু চিৰদিন শত্ৰু হৈ থাকিব । কংগ্ৰেছ আৰু সৎ উদ্দেশ্যৰ মাজৰ সম্পৰ্ক পোহৰ আৰু অন্ধকাৰৰ মাজৰ সম্পৰ্কৰ দৰে বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে ।
প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে কেইবা দশক ধৰি এক পদ, এক পেঞ্চন (অ'আৰঅ'পি) আঁচনিৰ বিষয়টোত প্ৰাক্তন সৈনিকসকলক 'বিপথে পৰিচালিত' কৰাৰো অভিযোগ উত্থাপন কৰে । কংগ্ৰেছৰ 'অপশাসন'ৰ বাবে ৰাজস্থানত মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা নিয়ন্ত্ৰণৰ বাহিৰত আছে বুলিও প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে ।