অসম

assam

ETV Bharat / bharat

পুনৰ বসুন্ধৰা ৰাজেই হ'ব নেকি ৰাজস্থানৰ মুখ্যমন্ত্ৰী ? - Vasundhara Raje

ৰাজস্থানত বিজেপিৰ নতুন মুখ্যমন্ত্ৰীক লৈ জল্পনা-কল্পনা অব্যাহত আছে । প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেয়ে একাংশ বিধায়কৰ সমৰ্থন লাভ কৰিছে । শীৰ্ষ নেতৃত্বই এতিয়াও এই সন্দৰ্ভত সিদ্ধান্ত লোৱা নাই ।

Vasundhara Raje in Rajasthan CM race
পুনৰ বসুন্ধৰা ৰাজেই হ'ব নেকি ৰাজস্থানৰ মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 12:42 PM IST

নেশ্যনেল ডেস্ক,৫ ডিচেম্বৰ :ৰাজস্থান বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত ইতিমধ্যে বিজেপিয়ে চৰকাৰ গঠনৰ বাবে সাজু হৈছে । মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈও জল্পনা কল্পনা অব্যাহত আছে । এতিয়ালৈ বিজেপি দলেও বিজেপিৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া ঘোষণা কৰা নাই । কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেয়ে তেওঁৰ সমৰ্থনকাৰী বিধায়কৰ সৈতে হোৱা বৈঠকে পৰোক্ষভাৱে দলৰ শীৰ্ষ নেতৃত্বক ইংগিত দিছে যে তেওঁক উপেক্ষা কৰিব নোৱাৰি ।

নিৰ্বাচনত বিজেপিয়ে ১১৫ খন বিধানসভা আসনত জয়ী হৈছে । য'ত বসুন্ধৰা শিবিৰে দাবী কৰিছে যে বেছিভাগ বিধায়কে বসুন্ধৰা ৰাজে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে । ৰাজে সোমবাৰে তেওঁৰ বাসভৱনত বিধায়কসকলক সাক্ষাৎ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । জানিব পৰা মতে ৪৫ গৰাকীতকৈও অধিক বিধায়কে বসুন্ধৰা ৰাজেক সাক্ষাৎ কৰিছে ।

ইফালে ৰাজ্যখনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ে ৰাজনৈতিক মহলত ব্যাপক আলোচনা হৈ আছে । ইয়াৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশী আৰু ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া অৰুণ সিঙে দিল্লীত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বিষয়ে তথ্য প্ৰদান কৰিছে । এই বৈঠকত মুখ্যমন্ত্ৰীৰ নাম সম্পৰ্কেও আলোচনা কৰা হৈছে বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে আজি দলটোৰ শীৰ্ষ নেতৃত্বই এগৰাকী পৰ্যবেক্ষক নিযুক্ত কৰিব আৰু তেওঁ জয়পুৰত বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত কৰিব আৰু মুখ্যমন্ত্ৰীৰ নাম সন্দৰ্ভত বিধায়কসকলৰ পৰা পৰামৰ্শ ল'ব । ইয়াৰ পাছত, কোন মুখ্যমন্ত্ৰী হ'ব সংসদীয় সমিতিৰ বৈঠকত সিদ্ধান্ত লোৱা হ'ব ।

কিন্তু তাৰ পূৰ্বে সোমবাৰে পুৱা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেয়ে চিভিল লাইন নম্বৰ ১৩ বাংলোত বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বসুন্ধৰা ৰাজেৰ শিবিৰৰ সৈতে জড়িত নেতাসকলে দাবী কৰিছে যে ৪৫ জনতকৈও অধিক বিধায়কে ৰাজেক সাক্ষাৎ কৰিছে ।

একে সময়তে, নিৰ্দলীয় বিধায়কসকলৰো বেছিখিনিয়ে বসুন্ধৰা শিবিৰৰ বুলি ধাৰণা কৰা হয় । বিশেষ কথাটো হ'ল বসুন্ধৰা ৰাজেক সাক্ষাৎ কৰা বেছিভাগ বিধায়কে যদিও কৈছে যে মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত সংসদীয় পৰিষদে নিৰ্ণয় কৰিব, কিন্তু একে সময়তে তেওঁলোকে এইটো স্বীকাৰ কৰিছে যে বসুন্ধৰা ৰাজে তেওঁলোকৰ প্ৰথম পছন্দ ।

লগতে পঢ়ক :জোৰাম পিপলছ মুভমেন্টৰ অভ্যুত্থানৰ আঁৰৰ কাহিনী

ABOUT THE AUTHOR

...view details