অসম

assam

ETV Bharat / bharat

ভয়ংকৰ বান আৰু ভূমিস্খলনৰ কৱলত নেপাল - নেপাল সেনা

নেপালৰ সিন্ধুপালচক জিলাত ভয়ংকৰ বান পৰিস্থিতি । বানপানীৰ ফলত ৫০ জনৰো অধিক লোক সন্ধানহীন হোৱাৰ লগতে বহু সম্পত্তি ধ্বংস হৈছে আৰু জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাইছে । নেপাল সেনা (NA) আৰু আৰক্ষীৰ এটা উদ্ধাৰকাৰী দল হেলিকপ্টাৰৰ জৰিয়তে সিন্ধুপালচকৰ বানপীড়িত মেলামচি অঞ্চলত উপস্থিত হৈছে ।

floods wreak havoc in Nepal
ভয়ংকৰ বান আৰু ভূমিস্খলনৰ কৱলত নেপাল

By

Published : Jun 16, 2021, 7:07 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুন :নেৰানেপেৰা বৰষুণ, বানপানী আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে নেপালত । ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ৭০ কি:মি: উত্তৰে অৱস্থিত সিন্ধুপালচক জিলাত বানপানীৰ ফলত ৫০ জনৰো অধিক লোক সন্ধানহীন হোৱাৰ লগতে বহু সম্পত্তি ধ্বংস হৈছে আৰু জীৱ-জন্তুৱে প্ৰাণ হেৰুৱাইছে ।

সিন্ধুপালচক জিলাৰ মুখ্য জিলা বিষয়া অৰুণ পোখৰেলে কোৱা মতে হেলাম্বু গ্ৰাম্য পৌৰসভাত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানপানীত সাতজন লোকৰ মৃত্যু হৈছে । তেওঁলোকৰ ছয়গৰাকী স্থানীয় মাছৰ ফাৰ্মত (fish farm) শ্ৰমিক আছিল । সিন্ধুপালচকৰ পৰা হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছলৈ (HoR) নিৰ্বাচিত হোৱা স্বাস্থ্যমন্ত্ৰী শ্বেৰ বাহাদুৰ তামাঙে জানিবলৈ দিয়া মতে ৫০ গৰাকীৰো অধিক লোক সন্ধানহীন হৈছে আৰু উদ্ধাৰকাৰী সংস্থাসমূহে জিলাখনত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

অৱশ্যে স্থানীয় সিন্ধুপালচক প্ৰশাসনে এতিয়ালৈকে সন্ধানহীন লোকৰ তথ্য ফাদিল কৰা নাই । আনহাতে মেলামচি আৰু ইন্দ্ৰাৱতী নদীৰ বানপানীয়ে সিন্ধুপালচক জিলাত ভূমিস্খলনৰো সৃষ্টি কৰিছে । ভূমিস্খলনত বহু লোকৰ ঘৰ-বাৰী, দলং আৰু অন্যান্য উন্নয়নমূলক আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হোৱা গৈছে । ইতিমধ্যে নেপাল সেনা (Nepal Army) আৰু আৰক্ষীৰ এটা উদ্ধাৰকাৰী দল হেলিকপ্টাৰৰ জৰিয়তে সিন্ধুপালচকৰ বানপীড়িত মেলামচি অঞ্চলত উপস্থিত হৈছে ।

জানিব পৰা মতে বানপানী আৰু ভূমিস্খলনৰ ফলত বহু গাঁও, বাট-পথ আৰু চৰকাৰী প্ৰকল্প আদিও ক্ষতিগ্ৰস্ত হৈছে লগতে বহু পৰিয়াল গৃহহীন হৈ পৰিছে । প্ৰাকৃতিক দুৰ্যোগৰ ফলত দেশখনৰ কেইবাখনো জিলা অতি জটিল পৰিস্থিতিত আছে যাৰ বাবে চৰকাৰে দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সকলো সংশ্লিষ্ট বিভাগক একত্ৰিত কৰিছে ।

ইতিমধ্যে এই পৰিস্থিতিকলৈ নেপাল চৰকাৰৰ গৃহ মন্ত্ৰালয়ে জৰুৰী বৈঠকৰ আয়োজন কৰিছে য'ত বানপানী আৰু ভূমিস্খলনৰ সৈতে মোকাবিলা কৰা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (NDRRMA) মুৰব্বী অনিল পোখৰেলে কোৱা মতে বৈঠকখনে বাৰিষা আৰম্ভ হোৱাৰ ১০০ দিনৰ ভিতৰত কাৰ্যকৰী হ'ব লগা কামৰ পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰা হয় ।

বৈঠকত গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ উপৰিও বিভিন্ন সংস্থাসমূহেও অংশগ্ৰহণ কৰে আৰু দুৰ্যোগৰ মোকাবিলা কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণৰ আলোচনা কৰে । ইফালে প্ৰৱল বৃষ্টিপাতৰ বাবে নেপালৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে যাৰ বাবে চৰকাৰে সকলো লোককে নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল তাজমহল

ABOUT THE AUTHOR

...view details