অসম

assam

ETV Bharat / bharat

Rahul Gandhi Manipur visit : মণিপুৰ ভ্ৰমণৰ মাজতে ৰাহুল গান্ধীৰ আৱেগিক পোষ্ট - মণিপুৰ ভ্ৰমণৰ মাজতে ৰাহুল গান্ধীৰ আৱেগিক পোষ্ট

ৰাহুল গান্ধীয়ে ইনষ্টাগ্ৰামত লিখিলে 'হৃদয় বিদাৰক' । মণিপুৰৰ হিংসাত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাতৰ পাছতে নেতাগৰাকীৰ এই আৱেগিত পোষ্ট । দুদিনীয়া ভ্ৰমণৰ অংশস্বৰূপে ৰাহুল গান্ধীয়ে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে ।

Rahul Gandhi Manipur visit
মণিপুৰ ভ্ৰমণৰ মাজতে ৰাহুল গান্ধীৰ আৱেগিক পোষ্ট

By

Published : Jun 30, 2023, 2:29 PM IST

নেশ্যনেল ডেস্ক,৩০ জুন :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ আজি দিতীয়টো দিন । ইয়াৰ মাজতে সামাজিক মাধ্যমত এটা আৱেগিত পোষ্ট দিছে ৰাহুল গান্ধীয়ে । মণিপুৰৰ হিংসা সম্পৰ্কে ৰাহুল গান্ধীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা পোষ্ট । তেওঁ পোষ্টটোত লিখিছে মণিপুৰৰ হিংসাৰ ফলত প্ৰিয়জনক আৰু ঘৰখনক হেৰুওৱা লোকসকলক দেখি আৰু তেওঁলোকৰ দুৰ্দশাৰ কথা শুনি তেওঁ ভাবুক হৈ পৰিছে । তেওঁ লগ পোৱা প্ৰতিগৰাকী ভাতৃ, ভগ্নী আৰু শিশুৰ মুখত কেৱল সহায়ৰ প্ৰাৰ্থনা বুলিও তেওঁ উল্লেখ কৰে । আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি তেওঁ এনেদৰে নিজৰ ভাৱ প্ৰকাশ কৰে ।

হিংসাজৰ্জৰ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ আহ্বান জনাই ৰাহুল গান্ধীয়ে কয় যে মণিপুৰক এতিয়া প্ৰয়োজন হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল শান্তি । জনসাধাৰণৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে শান্তি অতি প্ৰয়োজন । সেই লক্ষ্যৰ বাবে সকলোৰে প্ৰচেষ্টা হ'ব লাগে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ সম্পৰ্কে মণিপুৰ কংগ্ৰেছৰ সভাপতি কেইশম মেঘাচন্দ্ৰই কয় যে ৰাহুল গান্ধীয়ে ইম্ফলৰ হোটেলত ১০ গৰাকী নেতা, মহিলা নেত্ৰীৰ সৈতেও বাৰ্তালাপ কৰিব । ইউনাইটেড নাগা কাউন্সিলৰ (ইউএনচি) নেতা আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলকো তেওঁ সাক্ষাৎ কৰিব ।

প্ৰথম দিনৰ কাৰ্যসূচীত বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে মণিপুৰৰ চুৰাচান্দপুৰত জাতিগত হিংসাত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰে । দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰাহুল গান্ধীয়ে মইৰাঙলৈ গৈ আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে । শিবিৰত থকা পুৰুষ, মহিলা, শিশু সকলৰোৰে সৈতে তেওঁ বাৰ্তালাপ কৰে । মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিঙেও ৰাহুল গান্ধীক সংগ দিয়ে ।

ইফালে বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণ কৰাৰ সময়ত তেওঁৰ কনভয়ক ৰাজ্যিক আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল । যাৰ বাবে তেওঁ ইম্ফললৈ উভতি যাবলগীয়া হৈছিল ।

লগতে পঢ়ক :Manipur Violence : অশান্ত মণিপুৰ, বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা অজয় কুমাৰৰ

ABOUT THE AUTHOR

...view details