অসম

assam

By

Published : Apr 3, 2023, 1:17 PM IST

ETV Bharat / bharat

Rahul Gandhi to appear in Surat court: শাস্তি ৰেহাইৰ বাবে চুৰাট আদালতত ৰাহুল গান্ধীৰ আবেদন

ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে সোমবাৰে চুৰাটত উপস্থিত হ'ব কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধী (Rahul Gandhi Surat visit)। কংগ্ৰেছ নেতাগৰাকীয়ে মোডী উপাধি মানহানিৰ গোচৰত দুবছৰৰ শাস্তিৰ পৰা সকাহ বিচাৰি চুৰাট আদালতত আপীল কৰাৰ সম্ভাৱনা ।

Rahul Gandhi to appear in Surat court
শাস্তি ৰেহাইৰ বাবে চুৰাট আদালতত ৰাহুল গান্ধীৰ আবেদন

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল :কৰ্ণাটকত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে 'মোডী' উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল (Modi surname controversy)। সেই মন্তব্যৰ বিৰুদ্ধেই অভিযোগ উত্থাপন কৰাৰ পাছতে ৰাহুল গান্ধীক অপৰাধজনক মানহানি গোচৰত দোষী সাব্যস্ত কৰা হয় । লগতে তেওঁৰ সাংসদ পদও খাৰিজ কৰা হয় । সমগ্ৰ বিষয়টোক লৈ সম্প্ৰতি প্ৰতিক্ৰিয়া অব্যাহত আছে ।

চুৰাট আদালতে তেওঁক দোষী সাব্যস্ত কৰাৰ পাছতে আদালতৰ সেই ৰায় স্থগিত ৰখাৰ বাবে ৰাহুল গান্ধীয়ে আবেদন নজনোৱাৰ বাবে বিভিন্নজনে সমালোচনাও কৰিছিল নেতাগৰাকীক । ইয়াৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে সোমবাৰে চুৰাট আদালতত হাজিৰ হৈ মোডী উপাধিৰ মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ বিৰুদ্ধে আপীল কৰিব বুলি আশা কৰা হৈছে (Rahul Gandhi to appeal against conviction in court)।

ৰাহুল গান্ধীৰ সৈতে তেওঁৰ ভগ্নী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীও চুৰাট আদালতলৈ যাব বুলি অনুমান কৰা হৈছে । চুৰাট ভ্ৰমণ কৰাৰ পূৰ্বে ৰাহুল গান্ধীয়ে এআইচিচিৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰে আৰু তেওঁৰ আশীৰ্বাদ লয় (Rahul meet Sonia Gandhi)।

চুৰাট আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱাৰ পাছতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনক সংসদৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । এই আবেদনত ৰাহুল গান্ধীয়ে তেওঁৰ দুবছৰৰ শাস্তিৰ পৰা ৰেহাই আৰু সকাহ বিচাৰিব বুলি আশা কৰা হৈছে । তেওঁক অযোগ্য ঘোষণা কৰাৰ পাছতে সমগ্ৰ দেশৰ কংগ্ৰেছ নেতা আৰু কৰ্মীসকলে ব্যাপক প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইফালে কেৰালাৰ ৱায়ানাড়ৰ প্ৰাক্তন সাংসদগৰাকীয়ে জাননী লাভ কৰাৰ পাছতে তেওঁ সাংসদৰ কোৱাৰ্টাৰ খালী কৰিবলগীয়া হৈছিল । ইয়াৰ বিপৰীতে আকৌ ৰাহুল গান্ধীক দিল্লীত থকাৰ বাবে কেইবাজনো কংগ্ৰেছ নেতাই তেওঁলোকৰ বাসগৃহ আগবঢ়াইছে । উল্লেখ্য যে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল যাৰ ফলত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰা হৈছিল আৰু তাৰ পাছত তেওঁক সাংসদ পদ বাতিল কৰা হৈছিল ।

লগতে পঢ়ক :Rahul Gandhi homeless : ৰাহুলক নিজৰ ঘৰটো এৰি দিলে ৰাজকুমাৰী গুপ্তাই

ABOUT THE AUTHOR

...view details