অসম

assam

By

Published : Mar 24, 2023, 10:29 PM IST

ETV Bharat / bharat

Rahul defamation case: 12 এপ্ৰিলত বিহাৰৰ পাটনা আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

মোডী সম্প্ৰদায়ক লৈ অপমানজনক মন্তব্য কৰাৰ গোচৰতে 12 এপ্ৰিলত বিহাৰৰ পাটনাৰ এখন আদালতত হাজিৰ হ’ব লাগিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীৰ বিৰুদ্ধে পাটনাত গোচৰ ৰুজু কৰিছিল বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুশীল কুমাৰ মোডীয়ে (Sushil Modi case against Rahul Gandhi) ৷

Rahul defamation case
12 এপ্ৰিলত বিহাৰৰ পাটনা আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, 24 মাৰ্চ: মোডী সম্প্ৰদায়ক অপমান কৰি দুবছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত হৈ সাংসদ পদ হেৰুৱাৰ পাচতেই দেশজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ মোডী সম্প্ৰদায়ক অপমান কৰাৰ বাবে বিহাৰৰ পাটনাত ৰুজু হোৱা আন এক গোচৰৰ শুনানিৰ বাবে 12 এপ্ৰিলত পাটনাৰ এমপি এমএলএ আদালতত হাজিৰ হ’ব লাগিব ৰাহুল গান্ধী ৷ মুঠৰ ওপৰত এতিয়া বিপদে লগ নেৰা হৈছে কংগ্ৰেছ নেতাগৰাকীক (Rahul Gandhi disqualified form parliament) ৷

2019 চনত কৰ্ণাটকৰ এক নিৰ্বাচনী জনসভাত ৰাহুল গান্ধীয়ে ‘মোডী উপাধি’ সম্পৰ্কে অপমানজনক মন্তব্য কৰিছিল । ৰাহুলে কৈছিল যে মোডী কেনেকৈ সকলো চোৰৰ উপাধি হ’ব পাৰে । গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোডীয়ে চূৰাটত এখন আদালতত এই মন্তব্যৰ বাবে ৰুজু কৰিছিল গোচৰ ৷ ইফালে, বিহাৰৰ পাটনাতো ৰাজ্য সভাৰ সাংসদ সুশীল কুমাৰ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ ৷ উল্লেখ্য যে, সুশীল মোডীয়ে পাটনাত ৰুজু কৰা গোচৰ সন্দৰ্ভত পূৰ্বে জামিন লাভ কৰিছিল ৰাহুল গান্ধীয়ে (Rahul Gandhi case in Bihar) ৷

ৰাহুল গান্ধীক 12 এপ্ৰিলত পাটনাত হাজিৰ হ’বলৈ আদালতে নিৰ্দেশনা প্ৰদান কৰাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোচৰদাতা সুশীল কুমাৰ মোডীয়ে ৷ তেওঁ কয় যে, ৰাহুল গান্ধীয়ে মোডী উপাধিৰ লাখ লাখ পিছপৰা লোকক অপমান কৰাৰ বাবে আদালতে শাস্তি প্ৰদান কৰিছে ৷ ৰাহুল গান্ধী কেতিয়াও আইনৰ উৰ্ধত হ’ব নোৱাৰে (Sushil Modi reaction on Rahul Gandhi issue) ৷

ইয়াৰ লগতে সুশীল মোডীজীয়ে কয়, ‘‘দেশৰ আদালতৰ সন্মুখত সকলো সমান । কংগ্ৰেছে অভিযোগ কৰিছে যে দেশখনত একনায়কত্ববাদ চলিছে । যিসকল দুৰ্নীতিত নিমজ্জিত তেওঁলোকে কৈছে যে আমি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিছো ৷ কিন্তু তেওঁলোক আদালতৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাজু নহয় ৷’’

উল্লেখ্য যে, শুকুৰবাৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হয় ৷ গুজৰাট চূৰাট আদালতে ৰাহুল গান্ধীক দুবছৰৰ বাবে কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছে যদিও এমাহৰ বাবে স্থগিত ৰাখিছে শাস্তি (Rahul Gandhi sentenced to jail) ৷ এই এমাহৰ ভিতৰত চূৰাট আদালতৰ ৰায়দানক প্ৰত্যাহ্বান জনায় সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব ৰাহুল গান্ধী ৷

লগতে পঢ়ক:Rahul Gandhi stands disqualified: সাংসদ পদ খাৰিজৰ পৰা ৰক্ষা পাবলৈ ৰাহুল গান্ধীৰ কৰণীয় কি হ’ব ?

ABOUT THE AUTHOR

...view details