অসম

assam

ETV Bharat / bharat

ফোনকল টেপিঙক লৈ ৰাহুল গান্ধীৰ অভিযোগৰ প্ৰত্য়ুত্তৰ বিজেপিৰ মুখপাত্ৰৰ - ফোনকল টেপিং

মোডী চৰকাৰে (Modi Government) কেতিয়াও কাৰো ফোনকল অবৈধভাৱে টেপিং (Tapping) নকৰে ৷ যদি পেগাচাছ (Pegasus) কাণ্ড সন্দৰ্ভত ৰাহুল গান্ধী (Rahul Gandhi)য়ে ভাৱে তেওঁৰ ফোনকল টেপিং কৰা হৈছে, তেন্তে তদন্তৰ বাবে তেওঁৰ ফোন জমা দিয়ক ৷ ৰাহুলৰ মন্তব্যত এইদৰে প্ৰত্যুত্তৰ দিয়ে বিজেপি (BJP)ৰ মুখপাত্ৰ ৰাজ্যবৰ্ধন ৰাথোৰে (Rajyavardhan Rathore) ৷

BJP spokesperson reply
বিজেপিৰ মুখপাত্ৰৰ প্ৰত্য়ুত্তৰ

By

Published : Jul 23, 2021, 10:54 PM IST

নেশ্যনেল ডেস্ক, 23 জুলাই : শেহতীয়া পেগাচাছ (Pegasus) কাণ্ডক কেন্দ্ৰ কৰি ইতিমধ্যে উত্তাল হৈ আছে সমগ্ৰ দেশ ৷ ইফালে এই হেকিং ছফটৱেৰ (Software)ত জড়িত থকা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ৰ নাম সাঙোৰ খোৱাৰ পাচতে ৰাহুল গান্ধীয়ে তেওঁৰ ফোনকল অবৈধভাৱে টেপিং (Tapping) কৰা বুলি মন্তব্য কৰে ৷ শুকুৰবাৰে ৰাহুলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি বিজেপি (BJP)ৰ মুখপাত্ৰ ৰাজ্যবৰ্ধন ৰাথোৰে (Rajyavardhan Rathore) কয় যে, যদি ৰাহুল গান্ধী (Rahul Gandhi)য়ে ভাৱে তেওঁৰ ফোনকল টেপ (Tap) কৰা হৈছে, তেন্তে তদন্তৰ বাবে তেওঁৰ ফোন জমা দিয়ক ৷ মোডী চৰকাৰে (Modi Government) কেতিয়াও কাৰো ফোনকল অবৈধভাৱে টেপ নকৰে ৷

সাংবাদিকক সম্বোধন কৰি মুখপাত্ৰগৰাকীয়ে কয় যে, 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচন (Loksabha Election)ত কংগ্ৰেছে পৰাজিত হোৱাৰ পাচতে সংসদ স্থগিত ৰখাৰ অৰ্থে নানান কাৰণ উত্থাপন কৰি আহিছে দলটোৱে ৷ চলিত পেগাচাছ (Pegasus) কাণ্ডৰ বিচাৰৰ প্ৰথমতেই ৰাহুল গান্ধীয়ে তেওঁৰ ফোনকল টেপ কৰা বুলি চৰকাৰলৈ অভিযোগ তোলে ৷ লগতে তেওঁ অভিযোগ তুলি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) ভাৰতৰ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে পেগাচাছ স্পাইৱেৰৰ (Pegasus Spyware) ব্যৱহাৰ কৰিছে আৰু ইয়াক ‘দেশদ্ৰোহী’ বুলি কোৱা হয় ৷

আনহাতে, মুখপাত্ৰ ৰাথোৰে কয় যে, গণতন্ত্ৰত সকলোৰে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ আছে ৷ ৰাহুল গান্ধীয়ে তেওঁৰ ফোন এজেন্সিক জমা কৰা উচিত আৰু ভাৰতীয় দণ্ডবিধি আইন (IPC)ৰ অধীনত তদন্ত কৰাব লাগে ৷ কংগ্ৰেছে কেতিয়াও দেশৰ উন্নতি আৰু বিকাশ হোৱাতো নিবিচাৰে ৷

লগতে পঢ়ক :প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে পেগাচাছক দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে: ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details