অসম

assam

By

Published : Mar 17, 2023, 9:33 PM IST

ETV Bharat / bharat

Karnataka election campaign : শিৱৰাজ সিং চৌহানৰ মতে ৰাহুল গান্ধী প্ৰকৃত ভাৰতীয় নহয়

কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ । বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ । মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা শিৱৰাজ সিং চৌহানে ৰাহুল গান্ধীক প্ৰকৃত ভাৰতীয় নহয় বুলি সমালোচনা কৰে (Shivraj Singh Chauhan slams Rahul Gandhi)। মুখ্যমন্ত্ৰী চৌহানৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ।

Karnataka election campaign
শিৱৰাজ সিং চৌহানৰ মতে ৰাহুল গান্ধী প্ৰকৃত ভাৰতীয় নহয়

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : প্ৰতিটো ৰাজনৈতিক দলে কৰ্ণাটকত নিৰ্বাচনকেন্দ্ৰিক অভিযান আৰম্ভ কৰিছে (Karnataka election 2023)। ইয়াৰ মাজতে বিজেপি দল আৰু বিৰোধী দলৰ নেতাসকলৰ মাজত বাকযুদ্ধও আৰম্ভ হৈছে । বিৰোধীয়ে যদি শাসকীয় পক্ষক সমালোচনা কৰিছে আকৌ শাসকীয় পক্ষইও বিৰোধীক আক্ৰমণ কৰিবলৈ এৰা নাই ।

এইবাৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিস্ফোৰক মন্তব্য (MP CM election campaign in Karnataka)। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ । তেওঁৰ মতে ৰাহুল গান্ধী এগৰাকী প্ৰকৃত ভাৰতীয় নহয় । যিদৰে তেওঁ বিদেশৰ মাটিত ভাৰতক সমালোচনা কৰিছে তাৰ দ্বাৰা এই কথা স্পষ্ট বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত শিৱৰাজ সিঙে কয় যে ৰাহুল গান্ধীয়ে ৫ বছৰতকৈ কম বয়সীয়া এগৰাকী অপৰিপক্ক নেতাৰ দৰে আচৰণ কৰিছে । সেয়ে কংগ্ৰেছৰ সাংসদগৰাকী সম্পূৰ্ণ ভাৰতীয় হয় নে নহয় তাক লৈ সন্দেহ আছে বুলি তেওঁ প্ৰশ্ন কৰে (Shivraj Singh Chauhan slams Rahul Gandhi)।

মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে ৰাহুল গান্ধীৰ দৰে এনে এজন ব্যক্তিক ৰাষ্ট্ৰীয় নেতা হিচাপে কংগ্ৰেছে গঢ়ি তুলিবলৈ কেনেকৈ আগ্ৰহী, যিয়ে নিজে গণতন্ত্ৰত বিশ্বাস নকৰে । ৰাহুল গান্ধীয়ে দেশৰ মূল্যবোধত বিশ্বাস নকৰে বুলিও তেওঁ অভিযোগ কৰে । শিৱৰাজ সিঙে কয় যে ৰাহুল গান্ধী আৰু কংগ্ৰেছে লজ্জিত হোৱা উচিত কিয়নো তেওঁলোকে বিদেশত দেশক বদনাম কৰাৰ ষড়যন্ত্ৰ কৰিছে ।

মুখ্যমন্ত্ৰী শিৱৰাজে লগতে কয় যে আজি কংগ্ৰেছৰ কোনো ঐক্য নাই আৰু ই বিভিন্ন ভাগত বিভক্ত হৈছে (Shivraj Singh Chauhan slams congress)। তেওঁৰ মতে ডি কে শিৱকুমাৰৰ এটা গোট আছে আৰু সিদ্ধাৰামাইয়াৰো আন এটা গোট আছে । কংগ্ৰেছ আৰু জেডিইউয়ে কৰ্ণাটকৰ কোনো ভাল কৰিব নোৱাৰে আনহাতে জেডিইউয়ে কেৱল ভোট হ্ৰাস কৰিবহে পাৰে আৰু কংগ্ৰেছক লাভান্বিত কৰিব পাৰে বুলিও শিৱৰাজ সিঙে উল্লেখ কৰে । তেওঁ লগতে কয় যে বিজেপিয়ে উন্নয়ন আনিছে আনহাতে কংগ্ৰেছে ইয়াক ধ্বংস কৰিছে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যদি কোনো দলে কৰ্ণাটকৰ সম্পূৰ্ণ উন্নয়ন কৰিব পাৰে তেন্তে সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টি । তেওঁ দৃঢ়তাৰে কয় যে বিজেপিয়ে কৰ্ণাটকত পুনৰ চৰকাৰ গঠন কৰিব ।

মুখ্যমন্ত্ৰী শিৱৰাজে কয় যে নৰেন্দ্ৰ মোডীজী ভাৰতৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ । মোডীজীৰ আগমনৰ পূৰ্বে ভাৰতক বিদেশত সন্মান জনোৱা হোৱা নাছিল, কিন্তু আজি সমগ্ৰ বিশ্বতে মোডীৰ নেতৃত্বৰ দেশখনক প্ৰশংসা কৰা হয় ।

প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসা কৰি শিৱৰাজে কয় যে আনকি পাকিস্তানৰ ৰাইজে এগৰাকী মোডীৰ দৰে নেতা থকাটো কামনা কৰিছে । কংগ্ৰেছ নেতাসকলে বিদেশলৈ গৈ মোডীজীক সমালোচনা কৰিছে আৰু তেওঁলোকে কয় যে মোডীয়ে দেশৰ বাবে কবৰ খনন কৰিব কিন্তু ইয়াৰ বিপৰীতে কৰ্ণাটকৰ মানুহে কৈছে যে পদুম ফুলিব ।

মুখ্যমন্ত্ৰী শিৱৰাজৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা সজ্জন বাৰ্মাই কয় যে কংগ্ৰেছে ৰাহুল গান্ধীৰ ওপৰত হোৱা এনে আক্ৰমণ সহ্য নকৰে । তেওঁ মুখ্যমন্ত্ৰীক তেওঁৰ ডিএনএ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে আৰু দৃঢ়তাৰে কয় যে ৰাহুল গান্ধী তেওঁলোকৰ সন্মানীয় নেতা, গান্ধী পৰিয়ালৰ বাবে দেশে স্বাধীনতা অৰ্জন কৰিছে । গান্ধী পৰিয়ালে স্বাধীনতাৰ যুঁজত বহুত ত্যাগ কৰিছে বুলিও তেওঁ উল্লেখ কৰে । মুখ্যমন্ত্ৰী শিৱৰাজৰ পৰিয়ালে এটা নখৰ সমানো ত্যাগ কৰা নাছিল বুলি তেওঁ কয় ।

লগতে পঢ়ক :Rahul Gandhi reacts over Adani issue : ৰাহুল গান্ধীৰ মতে আদানীৰ প্ৰসংগক লৈ এতিয়াও শংকিত চৰকাৰ

ABOUT THE AUTHOR

...view details