অসম

assam

ETV Bharat / bharat

চৰকাৰৰ 'শূণ্য শ্ল’গান'ক সমালোচনা ৰাহুল গান্ধীৰ - শূণ্য শ্ল’গান

ভেকচিন কেন্দ্ৰলৈ অহা প্ৰতিজন নাগৰিকক টিকাকৰণৰ দাবী ৰাহুল গান্ধীৰ ৷

Rahul Gandhi criticises govt over 'empty slogans'
চৰকাৰৰ 'খালী শ্ল’গান'ক সমালোচনা ৰাহুল গান্ধীৰ

By

Published : Jun 13, 2021, 1:51 PM IST

নিউজ ডেস্ক, 13 জুন :কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ কংগ্ৰেছ নেতাগৰাকীয়ে এইবাৰ চৰকাৰখনক মিছা আৰু শূণ্য শ্ল'গান দিয়া বুলি সমালোচনা কৰে ।

ৰাহুল গান্ধীয়ে দেওবাৰে এটা টুইট কৰি কয় য়ে, "ভাৰত চৰকাৰৰ আটাইতকৈ দক্ষ মন্ত্ৰণালয় কোনটো ? মিছা আৰু খালী শ্ল’গানৰ বাবে গোপন মন্ত্ৰণালয়টো ।" কংগ্ৰেছ নেতাগৰাকীয়ে দেশত ভেকছিনৰ অভাৱ, জি এছ টি (GST) আৰু ইন্ধনৰ অত্যাধিক মূল্যবৃদ্ধিৰ বাবে চৰকাৰক কটু সমালোচনা কৰে ৷ উল্লেখ্য যে, কংগ্ৰেছ দলে পে’ট্ৰল-ডিজেলজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্য়স্ত কৰিছিল ।

ৰাহুল গান্ধীয়ে লগতে কয় যে, জি ডি পি (GDP) হ্ৰাস পাইছে, নিবনুৱা সংখ্যা বৃদ্ধি পাইছে, ইন্ধনৰ মূল্য আকাশলঙ্ঘী হৈছে । তেওঁ লগতে দাবী কৰি কয় যে, ভেকচিন কেন্দ্ৰলৈ অহা প্ৰতিজন নাগৰিকৰ টিকাকৰণ হ’ব লাগে আৰু যিসকলৰ ইণ্টাৰনেটৰ সুবিধা নাই তেওঁলোকৰো জীৱনৰ অধিকাৰ আছে । ভেকছিনৰ বাবে অনলাইন পঞ্জীয়ন পৰ্যাপ্ত নহয় বুলিও টুইটাৰত উল্লেখ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

লগতে পঢ়ক :মহামাৰীৰ মাজত সহায় আগবঢ়োৱাৰ বাবে G7 দেশসমূহক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details