অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ পৰা চিঠিৰ উত্তৰ পাই আনন্দিত যুৱক - প্ৰধানমন্ত্ৰীৰ পৰা চিঠিৰ উত্তৰ পাই আনন্দিত যুৱক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা পাঞ্জাৱৰ অমৃতসৰ প্ৰণৱ মহাজন নামৰ ছাত্ৰ গৰাকীয়ে 'Exam Warriors' নামৰ পুথিখন কিমান লাভজনক সেই সন্দৰ্ভত চিঠিৰ জৰিয়তে নিজৰ মতামত ব্যক্ত কৰিছিল ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ পৰা সেই চিঠিৰ উত্তৰ পাই আনন্দিত হৈ পৰিছে পাঞ্জাৱৰ ছাত্ৰ গৰাকী ৷

punjab-student-writes-to-pm-on-how-exam-warriors-helped-reduce-stress-gets-response
প্ৰধানমন্ত্ৰীৰ পৰা চিঠিৰ উত্তৰ পাই আনন্দিত যুৱক

By

Published : Feb 5, 2021, 10:03 AM IST

নেশ্যনেল ডেস্ক, 5ফেব্ৰুৱাৰী: পাঞ্জাৱৰ অমৃতসৰৰ প্ৰণৱ মহাজন নামৰ ছাত্ৰ গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা চিঠিৰ উত্তৰ পাই আনন্দিত হৈ পৰিছে ৷ কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ছাত্ৰ জনে'Exam Warriors'নামৰ তেওঁৰ পুথিখন কিমান লাভজনক সেই সন্দৰ্ভত চিঠিৰ জৰিয়তে নিজৰ মতামত ব্যক্ত কৰিছিল ৷

প্ৰণৱ মহাজন নামৰ ছাত্ৰ গৰাকীয়ে চিঠিখনত উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰীৰ 'Exam Warriors' নামৰ কিতাপখনে বিশেষকৈ পৰীক্ষাৰ সময়ত মানসিক চাপ হ্ৰাস কৰাৰ লগতে নিজ লক্ষ্যত উপনীত হ’বলৈ পথ প্ৰদৰ্শন কৰে ৷ লগতে এই কিতাপখনত উল্লেখ কৰা অনুসৰি শৰীৰ চৰ্চাও তেওঁ নিয়মিতভাৱে কৰাৰ অভ্যাস কৰিছে ৷ যাৰ জৰিয়তে বহু সুফল লাভ কৰিছে বুলি মন্তব্য কৰিছে প্ৰণৱ মহাজন নামৰ ছাত্ৰজনে ৷

প্ৰধানমন্ত্ৰীৰ লগত চিঠিৰ জৰিয়তে সৈতে হোৱা বাৰ্তলাপত আনন্দ প্ৰকাশ কৰিছে পাঞ্জাৱৰ ছাত্ৰ গৰাকীৰ ৷

লগতে পঢ়ক :9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

ABOUT THE AUTHOR

...view details