অসম

assam

ETV Bharat / bharat

Khalistani Terrorist Killed: উত্তেজনাৰ মাজতে এইবাৰ কানাডাত খালিস্তানী নেতা সুখ ডুনেকেৰ মৃত্যু - Khalistani Terrorist Sukha Duneke

পাঞ্জাৱৰ মোগা জিলাৰ গেংষ্টাৰ সুখডুল সিং ওৰফে সুখ ডুনেকেক কানাডাৰ উইনিপেগত হত্যা কৰা হয় । ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক অৱনতি হোৱাৰ সময়তে সুখৰ মৃত্যুৱে তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে ।

Khalistani Terrorist Sukha Duneke Killed
এইবাৰ কানাডাত খালিস্তানী নেতা সুখ ডুনেকেৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 4:22 PM IST

নেশ্যনেল ডেস্ক,২১ ছেপ্টেম্বৰ:ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সম্পৰ্কত সমস্যাৰ সৃষ্টি হোৱাৰ সময়তে আন এজন শিখ নেতাক হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে । এন আই এৰ (NIA) সূত্ৰ অনুসৰি কানাডাৰ খালিস্তান আন্দোলনৰ এগৰাকী বিশিষ্ট নেতা সুখ ডুনেকেক এক আন্তঃ দলীয় সংঘৰ্ষত নিৰ্মমভাৱে হত্যা কৰা হৈছে । ডুনেকেৰ মৃত্যুৱে কানাডাৰ শিখ সম্প্ৰদায়ৰ মাজত তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে ।

সুখ ডুনেকে দীৰ্ঘদিন ধৰি কানাডাৰ কুখ্যাত গেংষ্টাৰ আৰ্শদীপ সিং ওৰফে আৰ্শ দালাৰ সৈতে জড়িত আছিল । NIAয়ে ৪৩ জন ম'ষ্ট ৱাণ্ডেড গুণ্ডাৰ এখন তালিকা প্ৰকাশ কৰাৰ ঠিক এদিন পাছতে তেওঁৰ মৃত্যু হৈছে । আণ্ডাৰৱৰ্ল্ডৰ সৈতে ডুনেকেৰ সম্পৰ্কই প্ৰতিদ্বন্দী দলসমূহক লক্ষ্য কৰি লৈছিল । ইফালে ভাৰত আৰু কানাডাৰ বিবাদ চলি থকাৰ মাজতে এই ঘটনাই পুনৰ এবাৰ উদ্বেগৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে শেহতীয়াকৈ কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । শিখ নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰতৰ এজেণ্ট জড়িত থকাৰ অভিযোগ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগে লগে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ বিবাদ আৰম্ভ হৈছিল ।

ভাৰত আৰু কানাডাৰ মাজত চলি থকা অচলাৱস্থাৰ মাজতে পাঞ্জাৱ আৰক্ষীয়ে গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সহযোগীসকলক লক্ষ্য কৰি ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিছে । খালিস্তানী আন্দোলনৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ অভিযোগ উত্থাপন কৰা ব্ৰাৰে কানাডাত আত্মগোপন কৰি আছে বুলি ধাৰণা কৰা হৈছে । এই অভিযানৰ উদ্দেশ্য হৈছে তেওঁৰ নেটৱৰ্ক ধ্বংস কৰা আৰু শিখ সম্প্ৰদায়ৰ ভিতৰত এনে উপাদানৰ বৰ্ধিত প্ৰভাৱৰ সমস্যা সমাধান কৰা ।

সুখ ডুনেকেৰ মৃত্যু আৰু ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক বিভেদে খালিস্তানী উগ্ৰবাদৰ বিষয়টোত প্ৰভাৱ পেলাইছে । যাৰ ফলত নিৰাপত্তা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰাৰ মাজত সূক্ষ্ম ভাৰসাম্যৰ বিষয়েও প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক :Canada India diplomatic row: ভাৰতক উত্তেজিত কৰা কানাডাৰ উদ্দেশ্য নহয়; জাষ্টিন ট্ৰুডো

ABOUT THE AUTHOR

...view details