অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ নামত মন্দিৰ নিৰ্মাণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ৰ নামত মন্দিৰ নিৰ্মাণ ৷ পুনেৰ ময়ুৰ মুণ্ডে নামৰ এজন লোকে প্ৰধানমন্ত্ৰী মোডীৰ বাবে মন্দিৰটো নিৰ্মাণ কৰিছে ৷ পুনেৰ অন্ধ(Aundh) অঞ্চলত নিজা মাটিত ময়ুৰে মোডীৰ বাবে মন্দিৰটো নিৰ্মাণ কৰি উলিয়াইছে ৷

By

Published : Aug 18, 2021, 10:18 AM IST

Pune man builds temple for Prime Minister Narendra Modi
প্ৰধানমন্ত্ৰী মোডীৰ নামত মন্দিৰ নিৰ্মাণ

নেশ্যনেল ডেস্ক, 18 আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ৰ নামত পুনে(Pune)ৰ এজন লোকে নিৰ্মাণ কৰি উলিয়াইছে এটা মন্দিৰ ৷ পুনেৰ অন্ধ(Aundh) অঞ্চলত নমো ফাউণ্ডেশ্যন(Namo Foundation)ৰ সৈতে জড়িত ময়ুৰ মুণ্ডে(Mayur Munde) নামৰ এজন লোকে মন্দিৰটো নিৰ্মাণ কৰিছে ৷ ভাৰতৰ প্ৰথমটো মোডী মন্দিৰ(first Modi temple in India) হিচাপে পৰিগণিত হোৱা এই মন্দিৰটো মুণ্ডেয়ে নিজৰ মাটিত নিৰ্মাণ কৰিছে ৷

লগতে পঢ়ক :PM-KISAN ৰ পৰৱৰ্তী কিস্তি 9 আগষ্টত মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

উল্লেখ্য যে, মন্দিৰ চৌহদত মোডীৰ কৃতিত্বৰ ওপৰত আধাৰিত এটা কবিতা স্থাপন কৰা হৈছে ৷ ময়ুৰে ইটিভি ভাৰতক জানিবলৈ দিয়া মতে, প্ৰধামনম্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাম(PM Modi’s work)ৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ মন্দিৰটো নিৰ্মাণৰ কাম হাতত লয় ৷ ময়ুৰে কয়, "কোৱা হয় যে, যেতিয়ালৈকে আমি জীয়াই থাকো, আমি সমাজক কিবা এটা ঘূৰাই দিয়া উচিত ৷ যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ বাবে যথেষ্ট কাম কৰি আছে, সেয়ে আমি প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিলো" ৷

প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে এনে এটা মন্দিৰ নিৰ্মাণ কৰা উচিত বুলি অন্য লোকসকলৰ মনতো এক ইচ্ছা আছিল বুলি ময়ুৰে মন্তব্য কৰে ৷

লগতে পঢ়ক :PM মোডীৰ উজ্জ্বলা যোজনা : দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ

ABOUT THE AUTHOR

...view details