অসম

assam

ETV Bharat / bharat

কেৰালাত নীৰৱ প্ৰচাৰ অভিযান আৰম্ভ - নিৰ্বাচন

কেৰালাত শনিবাৰে অন্ত পৰে বিগত এমাহ ধৰি চলি থকা ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ তিনিটা ৰোড শ্ব' আৰু প্ৰচাৰৰ সৈতে সমাপ্ত হয় এই অভিযান ৷ মাওবাদীৰ ভাবুকিৰ বাবে ৱায়ানাড জিলা আৰু এৰ্নাড, নিলাম্বুৰ আৰু ভেণ্ডুৰ সমষ্টিত সন্ধিয়া 6 বজাত সমাপ্ত হয় ৰাজহুৱা প্ৰচাৰ অভিযান ৷

Silent campaign starts
কেৰালাত নীৰৱ প্ৰচাৰ অভিযান আৰম্ভ

By

Published : Apr 5, 2021, 11:46 AM IST

নেশ্যনেল ডেস্ক,5 এপ্ৰিল : আগন্তুক 6 এপ্ৰিলত 5 বছৰৰ বাবে ৰাজনৈতিক দলীয় প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব কেৰালাৰ জনতাই ৷ ৰাজ্যখনত বিগত এমাহ ধৰি চলি থকা ৰাজহুৱা প্ৰচাৰ অভিযানৰ দেওবাৰে সমাপ্তি ঘটে । তিনিটা ৰোড শ্ব' আৰু প্ৰচাৰৰ সৈতে অভিযান সমাপ্ত কৰা হয় । উল্লেখ্য যে, মাওবাদীৰ ভাবুকিৰ বাবে সন্ধিয়া 6 বজাত ৱায়ানাড জিলা আৰু এৰ্নাড, নিলাম্বুৰ আৰু ভেণ্ডুৰ সমষ্টিত সমাপ্ত কৰা হয় ৰাজহুৱা প্ৰচাৰ অভিযান ৷

ইফালে ৰাজ্যখনৰ অন্য জিলাসমূহতো সন্ধিয়া 7 বজাত অন্ত পেলায় ৰাজহুৱা প্ৰচাৰ অভিযান ৷ দলীয় জ্যেষ্ঠ নেতৃবৃন্দই সমগ্ৰ কেৰালাত এক বিশাল ৰেলীৰে সমাপ্ত কৰে এই প্ৰচাৰ অভিযান ৷ দলীয় পতাকাৰ সৈতে অ’ৰকেষ্ট্ৰা আৰু শোভাযাত্ৰা উলিয়াই নৃত্য প্ৰদৰ্শনেৰে সমাপ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰে দলীয় নেতাসকলে । আনহাতে, মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে ধৰ্মডোমত এখন খোলা জীপত ভ্ৰমণ কৰি তেওঁৰ প্ৰচাৰ কাৰ্যৰ অন্ত পেলায় ৷ মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযানত মালায়ালম তাৰকা ইন্দ্ৰন, মধুপাল আৰু হৰিশ্ৰী আচোকানকে ধৰি ভালেসংখ্যক অভিনেতাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

কোঝিকোডেৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ পাচত তিৰুৱনন্তপুৰমৰ নেমোম সমষ্টিত ৰাজহুৱা প্ৰচাৰত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । আনহাতে, বিৰোধী নেতা ৰমেশ চেন্নিথালাই ইদুক্কি জিলাৰ নেদুমকান্দামত এটি ৰোড শ্ব'ত অংশগ্ৰহণ কৰে ৷

বিজেপি নেতাসকলে সমষ্টিটোৰ বিভিন্ন অংশলৈ যোৱাৰ বাবে আগবাঢ়িছিল যদিও ক’ভিড নিয়মৰ প্ৰতি লক্ষ্য ৰাখি বহু সংখ্যক লোক একত্ৰিত হোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে নিৰ্বাচন আয়োগে ৷

ৰাজহুৱা প্ৰচাৰৰ শেষভাগলৈ সৰ্বাধিক ভোট সংগ্ৰহৰ বাবে প্ৰচাৰত জোৰ দিয়ে প্ৰাৰ্থীসকলে । উল্লেখ্য যে, সোমবাৰে সন্ধিয়া 7 বজাত নীৰৱ প্ৰচাৰ অভিযান আৰম্ভ হোৱাৰ লগে লগে ঘৰতে বহি প্ৰচাৰ চলোৱাৰ লগতে সমষ্টিটোৰ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰিব দলীয় প্ৰাৰ্থীসকলে ৷

লগতে পঢ়ক :মহাৰাষ্ট্ৰত ঘোষণা উইকেণ্ড লকডাউন

ABOUT THE AUTHOR

...view details