আগৰতলা, ১২ অক্টোবৰ : ত্ৰিপুৰাৰ বিৰোধী চিপিআইএমে (CPIM) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুয়োটা অনুষ্ঠানতে উপস্থিত নাথাকে । আজি আগৰতলাত চিপিআইএমে এই সিদ্ধান্তৰ কথা কয় । উল্লেখ্য, ত্ৰিপুৰা ভ্ৰমণৰ বাবে আজি আগৰতলাত উপস্থিত হৈছে দ্ৰৌপদী মুৰ্মু (President Droupadi Murmu Tripura visit) ৷
এক প্ৰেছ বিজ্ঞপ্তিত চিপিআইএমৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে কয় যে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ত্ৰিপুৰা ভ্ৰমণ উপলক্ষে কাইলৈ ৰাজ্য চৰকাৰে নাগৰিকৰ সৈতে অভ্যৰ্থনাৰ কাৰ্যসূচী আয়োজন কৰিছে (CPIM boycott President programme) ।
"এই দুটা অনুষ্ঠানত উপস্থিত থাকিবলৈ চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদককে ধৰি বিধায়ক আৰু প্ৰাক্তন সাংসদসকললৈও আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে । চিপিআই (এম) ত্ৰিপুৰা (CPIM Tripura) ৰাজ্যিক সচিবালয়ে মহামান্য ৰাষ্ট্ৰপতিৰ ভ্ৰমণক আদৰণি জনাইছে । কিন্তু দুয়োটা অনুষ্ঠানতে উপস্থিত নথকাৰ সিদ্ধান্ত লোৱা হৈছে ।" বিবৃতিটোত এনেদৰে উল্লেখ কৰা হৈছে ।
তেওঁ লগতে কয় যে বিগত চাৰে চাৰিটা বছৰ ধৰি ত্ৰিপুৰা ৰাজ্যত কোনো আইনৰ শাসন নাই । "ব্যক্তিৰ স্বাধীনতা আৰু নাগৰিক অধিকাৰৰ ওপৰত এক নিয়ন্ত্ৰণহীন আক্ৰমণ চলি আছে । পৰিস্থিতি এনে এক পৰ্যায়ত উপনীত হৈছে যে গণতন্ত্ৰ ৰক্ষা কৰি মৃত্যুবৰণ কৰা দলীয় কৰ্মীসকলৰ স্মৃতিসৌধত ফুল দিয়াৰ অধিকাৰো কাঢ়ি লোৱা হৈছে ।" প্ৰেছ বিজ্ঞপ্তিটোত লগতে উল্লেখ কৰা হৈছে ।