নেশ্যনেল ডেস্ক,২০ মাৰ্চ :পঞ্জাৱ আৰক্ষীৰ খালিস্তান সমৰ্থক বিৰোধী অভিযানে বিশ্বজুৰি চৰ্চা লাভ কৰিছে (Operation against Khalistan supporters)। বিদেশতো একাংশ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিছে । লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তালয়ৰ উপৰিও দেওবাৰে খালিস্তান পন্থী প্ৰতিবাদকাৰীৰ এটা দলে ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত আক্ৰমণ কৰে (Protest at San Francisco Indian Consulate)। ইফালে দোষীসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন হৈছে । ভাৰতীয় আমেৰিকানসকলক একত্ৰিত হোৱাৰ আহ্বান জনাইছে বিভিন্নজনক ।
Foundation for India and Indian Diaspora Studiesয়ে ছান ফ্ৰান্সিস্কোৰ ভাৰতীয় কনচুলেটত আক্ৰমণ সন্দৰ্ভত কয় যে লণ্ডনৰ লগতে এছএফঅ'ত সম্পূৰ্ণ আইন-শৃংখলা বিফলতাৰ বাবে তেওঁলোক আচৰিত হৈছে ।
উল্লেখ্য যে খালিস্তান পন্থী শ্ল'গান দি প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ অস্থায়ী বেৰিকেট ভাঙি কনচুলেট চৌহদত প্ৰৱেশ কৰিছিল । লগতে দুখনকৈ খালিস্তানী পতাকা ওলোমাইছিল । অৱশ্যে দুগৰাকী কনচুলেট কৰ্মীয়ে পতাকাবোৰ আঁতৰাই দিছিল (Attack on San Francisco Indian Consulate)। তাৰ পাছতে, উত্তেজিত প্ৰতিবাদকাৰীৰ এটা দলে কনচুলেট চৌহদত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ হাতত থকা ৰডবোৰেৰে দুৱাৰ আৰু খিৰিকীবোৰ লণ্ডভণ্ড কৰিবলৈ আৰম্ভ কৰে ।