নিউজ ডেস্ক, 8 এপ্ৰিল :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে এইমছত ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পাচত টুইটাৰত এখন ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে ৷
ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি ক’ৰণা প্ৰতিষেধক গ্ৰহণৰ বাবে ইচ্ছুক ব্যক্তিক http://CoWin.gov.in ত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় ।
ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধক গ্ৰহণৰ পাচত টুইট কৰি কয় যে, "আজি মই এইমছত ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰো ৷ ক’ৰণা মহামাৰীক প্ৰতিহত কৰিবলৈ আমাৰ ওচৰত থকা উপায়সমূহৰ অন্যতম হৈছে প্ৰতিষেধক গ্ৰহণ কৰা । ক’ৰণা প্ৰতিষেধক গ্ৰহণ বাবে http://CoWin.gov.in ত পঞ্জীয়ন কৰক।" মোডীয়ে 1 মাৰ্চত ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল ।
লগতে পঢ়ক :ক'ভিড-19 : ৰাজনৈতিক অনুষ্ঠানৰ ক্ষেত্ৰত পঞ্জাৱ চৰকাৰৰ নিষেধাজ্ঞা