নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক শনিবাৰে এই সপ্তাহৰ আৰম্ভণিতে নতুন দিল্লীৰ এইমছত হোৱা বাইপাছ অস্ত্ৰোপচাৰৰ পিছত ইনটেন্সিভ কেয়াৰ ইউনিট (আইচিইউ)ৰ পৰা চিকিৎসালয়খনৰ এটা বিশেষ কোঠালৈ স্থানান্তৰ কৰা হৈছে ৷ ৰাষ্ট্ৰপতি ভৱনে এক টুইট যোগে জনায় যে, "তেওঁৰ স্বাস্থ্যৰ ক্ৰমাগত ভাৱে উন্নতি হৈ আছে । চিকিৎসক সকলে নিৰন্তৰভাৱে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি তেওঁক বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিছে ।"
উল্লেখযোগ্য যে, যোৱা ৩০ মাৰ্চত এইমছত বাইপাছ অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল ৰাষ্ট্ৰপতি গৰাকীৰ ৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি গৰাকীয়ে কৈছিল যে, বাইপাছ অস্ত্ৰোপচাৰৰ পিছত তেওঁ এতিয়া লাহে লাহে আৰোগ্য হৈ উঠিছে আৰু চিকিৎসক আৰু পৰিচৰ্যাকাৰী সকলক ইয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে ।
"চিকিৎসক আৰু পৰিচৰ্যাকাৰী সকলৰ একান্ত প্ৰচেস্তাৰ বাবে বাইপাছ অস্ত্ৰোপচাৰৰ পিছত মই লাহে লাহে আৰোগ্য হৈ উঠিছো । দেশৰ নাগৰিক আৰু সকলো দলৰ ৰাজনৈতিক নেতাসকলৰ লগতে বিদেশৰ পৰা পোৱা মোৰ দ্ৰুত আৰোগ্যৰ শুভকামনাৰ বাৰ্তাবোৰে মোক গভীৰভাৱে স্পৰ্শ কৰিছে ৷ আপোনালোক সকলোৰে প্ৰতি মোৰ কৃতজ্ঞতা ভাষাৰে প্ৰকাশ কৰাটো কঠিন !" এনে দৰে টুইট কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতি গৰাকীয়ে।
লক্ষণীয় যে, যোৱা শুকুৰবাৰে শ্বাস প্ৰশ্বাসত অস্বস্তি অনুভৱ কৰাৰ পিছতে ৰাষ্ট্ৰপতি গৰাকীক ততাতৈয়াকৈ দিল্লীৰ সেনা চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত নতুন দিল্লীস্থিত ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিস্থান অৰ্থাৎ এইমছলৈ স্থানান্তৰ কৰা হৈছিল ।
লগতে পঢ়ক:'অজাপ'ৰ উত্থানঃ তৃতীয় পৰ্যায়ত কংগ্ৰেছ-বিজেপিৰ মূৰৰ কামোৰণি 15 সমষ্টি