অসম

assam

ETV Bharat / bharat

ভিন্ন ক্ষেত্ৰৰ 119 গৰাকী ব্যক্তিক এইবছৰৰ পদ্ম বঁটা প্ৰদান - President Kovind presents Padma Awards at Rashtrapati Bhawan

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে নতুন দিল্লীত প্ৰদান কৰে এইবছৰৰ পদ্ম বঁটা ৷ ১১৯ গৰাকী বিশেষ ক্ষেত্ৰৰ বিশেষ ব্যক্তিক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল ৷ এই বঁটাৰ তালিকাত ৭ টা পদ্ম বিভূষণ, ১০ টা পদ্মভূষণ আৰু ১০২ টা পদ্মশ্ৰী বঁটা আছে ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে পদ্মভূষণ বঁটা ৷

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিতে 119 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিতে 119 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান

By

Published : Nov 8, 2021, 12:57 PM IST

নেশ্য়নেল ডেস্ক, 8 নৱেম্বৰ : সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব পদ্ম বঁটা প্ৰদান অনুষ্ঠান ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভিন্ন ক্ষেত্ৰৰ 119 গৰাকী ব্যক্তিক প্ৰদান কৰিব এই বঁটা ৷ উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আদিকে ধৰি বহু গণ্য-মান্য ব্যক্তি ৷

এই বঁটাৰ তালিকাত ৭ টা পদ্ম বিভূষণ, ১০ টা পদ্মভূষণ আৰু ১০২ টা পদ্মশ্ৰী বঁটা আছে ৷ বঁটা প্ৰাপকসকলৰ ভিতৰত 29 গৰাকী মহিলা, 16 গৰাকী মৰণোত্তৰ বঁটা বিজয়ী আৰু এগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ নাম সন্নিৱিষ্ট আছে ৷

তালিকা অনুসৰি, অলিম্পিয়ান বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুক প্ৰদান কৰা হয় পদ্মভূষণ বঁটা ৷ আনহাতে, প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক মৰণোত্তৰভাৱে আগবঢ়োৱা হয় পদ্মবিভূষণ বঁটা, এই বঁটা গ্ৰহণ কৰে স্বৰাজৰ জীয়ৰী বনচুৰী স্বৰাজে ৷ তদুপৰি ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো প্ৰদান কৰা হৈছে পদ্মভূষণ বঁটা ৷

গণতন্ত্ৰ দিৱসৰ প্ৰাকমূহুৰ্তত বছৰি ঘোষণা কৰা ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ ভিতৰত পদ্ম বঁটা অন্যতম ৷ বঁটাসমূহ তিনিটা শ্ৰেণীত প্ৰদান কৰা হয়- পদ্ম বিভূষণ (ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে), পদ্মভূষণ (উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱা) আৰু পদ্মশ্ৰী (বিশিষ্ট সেৱা) ৷

লগতে চাওক:অসম-নাগালেণ্ড সীমান্তত দুৰ্বৃত্তৰ তাণ্ডৱ : তহিলং কৰিলে 30 বিঘা ভূমিৰ চাহ বাগিচা

ABOUT THE AUTHOR

...view details