নিউজ ডেস্ক, ৩ জুন : প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে শুকুৰবাৰে ওড়িশাত ভয়ংকৰ দুৰ্ঘটনাত পতিত ক'ৰ'মণ্ডল এক্সপ্ৰেছ (Coromandel Express accident in Odisha) ৰে'লখন লুপ লাইনত প্ৰৱেশ কৰে আৰু বাহানগৰ বজাৰ ষ্টেচনৰ ঠিক পূৰ্বে মূল লাইনৰ পৰিৱৰ্তে তাত ৰখাই থোৱা এখন মালবাহী ৰে'লত খুন্দা মাৰে । এক সূত্ৰই এই কথা জনাইছে । আনহাতে, সংঘৰ্ষৰ ফলত ওচৰৰ ট্ৰেকত সিঁচৰতি হৈ পৰি যোৱা ক'ৰ'মণ্ডল এক্সপ্ৰেছৰ ডবাবোৰত খুন্দা মৰাৰ পিছত বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ ডবাকেইটা লাইনচ্যুত হয় (Odisha triple train accident) ।
উল্লেখ্য, ক'ৰ'মণ্ডল এক্সপ্ৰেছ ৰে'লখন প্ৰতিঘণ্টাত ১২৮ কিলোমিটাৰ গতিবেগত চলি আছিল । আনহাতে, বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছখন প্ৰতিঘণ্টাত ১১৬ কিলোমিটাৰ বেগত চলি আছিল । এই প্ৰতিবেদন ৰে'লৱে বোৰ্ডৰ ওচৰত দাখিল কৰা বুলি সূত্ৰই জনাইছে । সাধাৰণতে ভাৰতীয় ৰে'লৱেৰ লুপ লাইনবোৰ এটা ষ্টেচন এলেকাত নিৰ্মাণ কৰা হয় (loop lines of Indian Railways) । এই ক্ষেত্ৰত বাহানগৰ বজাৰ ষ্টেচনত কাম-কাজ সহজ কৰাৰ বাবে অধিক ৰে'ল ৰখাব পৰা যায় । উল্লেখ্য, লুপ লাইনবোৰ সাধাৰণতে ৭৫০ মিটাৰ দৈৰ্ঘ্যৰ হয় । যাতে একাধিক ইঞ্জিনৰ সৈতে সম্পূৰ্ণ দৈৰ্ঘ্যৰ মালবাহী ৰে'ল ৰখাব পৰা যায ।