অসম

assam

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:57 AM IST

ETV Bharat / bharat

Health system in MH : অমৃত কালত ভাৰত! স্বাধীনতাৰ 77 বছৰৰ পিচতো ৰোগীক কঢ়িয়াবলগীয়া হৈছে সাঙীৰে

বিকশিত ভাৰতৰ স্বৰূপ উদঙাইছে মহাৰাষ্ট্ৰত সংঘটিত শেহতীয়া এক ঘটনাই ৷ বাট-পথৰ দুৰাৱস্থাৰ বাবে কাপোৰেৰে বনোৱা সাঙীৰে ৰোগীক কঢ়িয়াইছে হাস্পতাললৈ ৷

Health system in MH
ৰোগীক কঢ়িয়াবলগীয়া হৈছে সাঙীৰে

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ:প্ৰগতি, বিকাশে দেশৰ প্ৰতিটো অংশকে স্পৰ্শ কৰিবলৈ সক্ষম হোৱা বুলি কেন্দ্ৰীয় চৰকাৰখনে দাবী কৰি অহাৰ সময়তে দেশৰ অন্যতম এক ঔদ্যোগিক চহৰ মহাৰাষ্ট্ৰৰ এখন ছবি পোহৰলৈ আহিছে ৷ যি ছবিয়ে চিন্তিত কৰি তুলিছে বহুতকে ৷ থানে জিলাৰ শ্বাহাপুৰ তালুকত বাট-পথৰ অব্যৱস্থাৰ ফলত কাপোৰৰ সাঙী বনায় এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যাবলগীয়া ঘটনা সংঘটিত হৈছে ৷

জিলাখনৰ পতিকাচা পদা গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাক পৰিয়ালৰ লোকৰ লগতে একাংশ গাঁওবাসীয়ে উন্নত পথৰ ব্যৱস্থা নথকাৰ বাবে কাপোৰৰ সাঙী বনায় লৈ যাবলগীয়া হয় চিকিৎসাৰ বাবে । গৰ্ভৱতী মহিলাগৰাকীক সাঙীত পৰিয়ালটোৱে স্বাস্থ্য সেৱা লাভৰ বাবে প্ৰায় চাৰি কিলোমিটাৰ কান্ধত ভাৰ বান্ধি কঢ়িয়াব লগীয়া হৈছিল ।

স্বাধীনতাৰ 77 বছৰৰ পাছতো ৰাজ্যখনৰ মুখ্যমন্ত্রী একনাথ সিন্দেৰ জিলা ছাহাপুৰ তালুকাৰ বহু গাঁও বৰ্তমানেও পথ, বিদ্যুৎ, পানী, স্বাস্থ্যৰ দৰে মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত ৷ আজিও ইয়াত বসবাস কৰি অহা আদিবাসী লোকসকলে পথৰ অভাৱত খোজকাঢ়ি চিকিৎসালয়লৈ যায় । আনকি কেতিয়াবা স্বাস্থ্যসেৱা সময়মতে নোপোৱাৰ বাবে জীৱন হেৰুৱাবলগীয়াও হয় ।

প্ৰশ্ন উত্থাপন হৈছে, ৰাজ্য চৰকাৰৰ পৰা কোটি কোটি টকা লাভ কৰাৰ পিছতো অঞ্চলটোক বৰ্তমানেও উন্নয়নে স্পৰ্শ কৰিব পৰা নাই । স্থানীয় নাগৰিকে ৰাজ্য চৰকাৰৰ লগতে জনপ্ৰতিনিধিসকলক বিষয়টো সন্দৰ্ভত শীঘ্ৰে গুৰুত্ব দিবলৈ দাবী জনায় । পিছত মহিলাগৰাকী আৰু কেঁচুৱাটোক ব্যক্তিগত বাহনেৰে কাছাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় ।

দুপৰীয়া এগৰাকী কন্যা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে ৷ স্থানীয় লোকে কয়, "মহিলাগৰাকীক আত্মীয়ই লৈ যোৱাৰ সময়তে নৈ আৰু বহু কঠিন স্থান পাৰ হ’বলগীয়াত পৰিছিল । ভাগ্য ভাল যে আশাকৰ্মী এজনে আমাৰ লগত গৈ সুকলমে প্ৰসৱ কাৰ্যত সহায় কৰিছিল ।"

লগতে পঢ়ক:Patients died in Govt Hospital: ঔষধৰ নাটনিৰ বাবে 24 ঘণ্টাত প্ৰাণ হেৰুৱালে 24 জনকৈ ৰোগীয়ে, চাঞ্চল্য অব্যাহত

ABOUT THE AUTHOR

...view details