অসম

assam

By

Published : Oct 22, 2021, 12:41 PM IST

ETV Bharat / bharat

টীকাকৰণ অভিযান উদ্বিগ্নতাৰ পৰা আশ্বাসলৈ এক যাত্ৰা : প্ৰধানমন্ত্ৰী

ক'ভিড-১৯ টীকাকৰণ অভিযান(Covid-19 vaccination drive) সফল কৰি তোলাৰ ক্ষেত্ৰত ভাৰতৰ সফলতাৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে । দেশজুৰি হোৱা টীকাকৰণ অভিযানক উদ্বিগ্নতাৰ পৰা আশ্বাসলৈ এক যাত্ৰা বুলি অভিহিত কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

PM terms vaccination drive as a journey from "anxiety to assurance"
টীকাকৰণ অভিযানক উদ্বিগ্নতাৰ পৰা আশ্বাসলৈ এক যাত্ৰা বুলি অভিহিত কৰিলে প্ৰধানমন্ত্ৰীয়ে

নেশ্যনেল ডেস্ক, ২২ অক্টোবৰ: দেশত অব্য়াহত থকা ক'ভিড-১৯ টীকাকৰণ অভিযান(Covid-19 vaccination drive) হৈছে 'সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ৰ এক উৎকৃষ্ট উদাহৰণ । ১০০ কোটি ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰি ভাৰতে অভিলেখ গঢ়াৰ পাচতে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । তেওঁ কয় যে, টীকাকৰণ অভিযানক লৈ আশংকা আছিল । ভাৰতত চলা টীকাকৰণ অভিযান সন্দৰ্ভতো বিভিন্ন আসোঁৱাহ উলিওৱা হৈছিল ।

এই অভিযান কেনেকৈ সুচাৰুৰূপে সম্পন্ন কৰিব তাক লৈও উত্থাপন হৈছিল বহু প্ৰশ্ন । কিন্তু ভাৰত চৰকাৰে এই সাফল্য অৰ্জন কৰিছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে । তেওঁ কয় যে, ১০০ কোটি লোকৰ টীকাকৰণ কেৱল এটা সংখ্যা নহয়, এয়া ইতিহাসৰ এক নতুন অধ্যায় আৰু এক প্ৰমাণ যে ভাৰতে সফলতাৰে কঠিন লক্ষ্যত উপনীত হ'ব পাৰে । এই সফলতাই প্ৰমাণিত কৰে যে ভাৰতে নিজৰ লক্ষ্য পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ সক্ষম ।

ভাৰতে ক'ভিড-১৯ টীকাকৰণ অভিযানক সফল কৰি ইতিহাস ৰচনা কৰিলে বুলিও তেওঁ প্ৰশংসা কৰে । লগতে টীকাকৰণ অভিযানক উদ্বিগ্নতাৰ পৰা আশ্বাসলৈ এক যাত্ৰা বুলি অভিহিত কৰে ।

তেওঁ কয় যে, এই সাফল্যই দেশক অধিক শক্তিশালী কৰি তুলিছে । বিভিন্ন শক্তিয়ে অবিশ্বাস আৰু আতংকময় পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰাৰ পাচতো জনতাই এই অভিযানৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জনায় । উল্লেখ্য যে, ভাৰতত স্বাস্থ্য সেৱাৰে জড়িত কৰ্মীসকলক প্ৰথম প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছিল । ইয়াৰ পিছত, ২ ফেব্ৰুৱাৰীৰ পৰা ফ্ৰণ্টলাইন কৰ্মীসকলকো প্ৰতিষেধক প্ৰদান কৰা হৈছিল ।

ৰাজ্য আৰু কেন্দ্ৰীয় আৰক্ষী, সশস্ত্ৰ বাহিনী, গৃহৰক্ষী, অসামৰিক প্ৰতিৰক্ষা আৰু আন জোৱানসকলৰ টীকাকৰণ সম্পন্ন কৰা হৈছিল । ৬০ বছৰৰ উৰ্দ্ধৰ লোক আৰু ৪৫ বছৰৰ উৰ্দ্ধৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছিল ১ মাৰ্চৰ পৰা । ইয়াৰ লগে লগে এই অভিযান সম্প্ৰসাৰিত কৰা হয় । ১ মে'ৰ পৰা ১৮ বছৰৰ উৰ্ধ্বৰ লোকো প্ৰতিষেধক প্ৰদান কৰা হৈছিল ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে নিশ্চিত কৰিছিল যাতে প্ৰভাৱশালী লোকক আগস্থান দিয়াৰ সংস্কৃতিয়ে টীকাকৰণ অভিযান বিফল কৰিব নোৱাৰে । সকলোকে সমান সুবিধা দি এই অভিযানক সফল কৰি তুলিবলৈ চৰকাৰে পৰিকল্পনা কৰিছিল । তেওঁ আঙুলিয়াই দিয়ে যে, বৈজ্ঞানিক পদ্ধতিৰ ওপৰত ভিত্তি কৰি এই অভিযান চলোৱা হৈছিল ।

ভাৰত আৰু বিদেশৰ বিশেষজ্ঞসকলে ভাৰতৰ অৰ্থনীতিৰ ক্ষেত্ৰত ই এক যথেষ্ট ইতিবাচক পদক্ষেপ বুলি মন্তব্য কৰিছে । তেওঁ লগতে কয় যে, এতিয়া কেৱল ভাৰতীয় কোম্পানীসমূহলৈ বিনিয়োগৰ প্ৰস্তাৱ অহা নাই, যুৱক-যুৱতীসকলৰ বাবে নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰা হৈছে । তেওঁ মেড ইন ইণ্ডিয়াৰ প্ৰসংগও উত্থাপন কৰে ।

লগতে পঢ়ক:অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে জম্মু-কাশ্মীৰত কটকটীয়া নিৰাপত্তা বেষ্টনী

ABOUT THE AUTHOR

...view details