নিউজ ডেস্ক, ৮ এপ্ৰিল :তেলেংগানা বিধানসভাৰ নিৰ্বাচন সমাগত (Telengana election 2023) । এই বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনত উপস্থিত হৈছেগৈ (PM Modi visited Telangana) । শনিবাৰে প্ৰধানমন্ত্ৰী মোডী হায়দৰাবাদত উপস্থিত হয় (PM Modi In Hyderabad) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে চেকেন্দ্ৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰাৰ উপৰি তেলেংগানাত ১১,৩০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰিব ।
হায়দৰাবাদ ভ্ৰমণৰ সময়ছোৱাত মোডীয়ে পেৰেড গ্ৰাউণ্ডত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । তেওঁ হায়দৰাবাদৰ নিকটৱৰ্তী অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল চায়েন্সেছ (AIIMS Hyderabad foundation stone laid by Modi) বিবিনগৰ আৰু পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ।
প্ৰধানমন্ত্ৰীয়ে চেকেন্দ্ৰাবাদ ৰে'ল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰিব আৰু ৰে'ল সম্পৰ্কীয় অন্যান্য উন্নয়নমূলক প্ৰকল্পসমূহ দেশবাসীক উৎসৰ্গা কৰিব । উল্লেখ্য, হায়দৰাবাদক ভগৱান ভেঙ্কটেশ্বৰৰ তিৰুপতি মন্দিৰ চহৰৰ সৈতে সংযোগ কৰা চেকেন্দ্ৰাবাদ-তিৰুপতি বন্দে ভাৰত এক্সপ্ৰেছ হৈছে তেলেংগানাৰ পৰা তিনি মাহতকৈও কম সময়ৰ ভিতৰত মুকলি কৰা দ্বিতীয়খন বন্দে ভাৰত ৰে'ল । এই ৰে'লখনৰ সেৱা আৰম্ভ হোৱাৰ লগে লগে দুয়োখন চহৰৰ মাজত ভ্ৰমণৰ সময় প্ৰায় চাৰে তিনি ঘণ্টা হ্ৰাস পাব । যিটো বিশেষকৈ তীৰ্থযাত্ৰীসকলৰ বাবে লাভজনক হ'ব ।